Local, Vocal, Global

হিন্দুস্তান ইউনিলিভাৰৰ পি পি ফেক্টৰীত কৰ’না আতংক

 কৰ’না আতংক হিন্দুস্তান ইউনিলিভাৰৰ পি পি ফেক্টৰীৰ বিষয়া-কৰ্মচাৰী

তিনিদিনলৈকে ফেক্টৰীৰ Containment Zone ঘোষণা নকৰাত প্ৰতিক্ৰিয়া বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ

ডুমডুমাৰ ৰাইডাঙস্থিত হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ পাৰ্ছনেল প্ৰ’ডাক্টছ ফেক্টৰীৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীৰ দেহত কৰ’না পজিটিভ ধৰা পৰিছে। কিন্তু লক্ষণীয়ভাৱে এইসকল বিষয়া-কৰ্মচাৰীৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ তিনিদিন উকলি যোৱাৰ পিছতো হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ পাৰ্ছনেল প্ৰ’ডাক্টছ ফেক্টৰী চৌহদ Containment Zone হিচাপে ঘোষণা কৰা হোৱা নাই। যাৰ পৰিপেক্ষিতত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ তিনিচুকীয়া জিলা সমিতিয়ে। সংগঠনটোৱে অতিশীঘ্ৰে হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ পাৰ্ছনেল প্ৰ’ডাক্টছ ফেক্টৰীক ১৪ দিনৰ বাবে Containment Zone হিচাপে ঘোষণা কৰিবলৈ জিলা প্ৰসাশনক দাবী জনাইছে।

উল্লেখযোগ্য যে, এই পিপিএফত দেওবাৰৰ বাদে প্ৰতিদিনে কমেও ৮০০ বিষয়া-কৰ্মী সদাই তিনিটা খাপত কৰ্মৰত হৈ আছে। ইয়াৰে কেইবাগৰাকীও বিষয়া-কৰ্মী কভিড-১৯ পজিটিভ পোৱা গৈছে। সেইসকলৰ ভিতৰত শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ লগত একেলগে বান সাহায্য বিতৰণ কৰা পিপিএফৰ বিষয়া বেদজ্যোতি সেনগুপ্ত, অৰ্ণৱ কোঁৱৰ, কৰ্মচাৰী বিকাশ ছেত্ৰীৰ লগতে কেইবাজনো কৰ্মচাৰীৰ দেহত কৰ’না পজিটিভ পোৱা গৈছিল। কিন্তু, ইমানতো হিন্দুস্তান ইউনিলিভাৰৰ পিপিএফ কৰ্তৃপক্ষৰ গা লৰা নাই। যিহেতু ফেক্টৰীটোত কাম কৰা উক্ত বিষয়া-কৰ্মীসকলে অইন বিষয়া-কৰ্মীসকলৰ সংস্পৰ্শলৈ আহিছিল গতিকে, তাৰ বিষয়া-কৰ্মীসকলৰ স্বাৱ পৰীক্ষা কৰোৱাৰ প্ৰয়োজন আহি পৰিছিল। কিন্তু, যদিহে কোনোজনৰ দেহত কৰ’না পজিটিভ হয় তেন্তে ফেক্টৰীটো বন্ধ হৈ যোৱাৰ ভয়ত কৰ্তৃপক্ষই স্বাৱ পৰীক্ষা কৰাৰ পৰা বিৰত থকাৰ অভিযোগ উত্থাপিত হৈছে।