Local, Vocal, Global

Heavy rains cause landslides in Sikkim : ছিকিমত ভয়ংকৰ ভূমিস্খল;বন্ধ যাতায়ত ব্যৱস্থা

নেশ্যনেল ডেস্ক,১১জুন : ছিকিমত ভয়ংকৰ ভূমিস্খল । নিহত তিনিজন ।

সোমবাৰে নিশা ছিকিমৰ য়াং য়াং বিয়াং অঞ্চলৰ অন্তৰ্গত মাজুৱা গাঁৱত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটি হয়(Heavy rains cause landslides in Sikkim)।

জানিব পৰা মতে, দেওবাৰে নিশাৰে পৰা অঞ্চলটোত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত সোমবাৰে পুৱা অঞ্চলটোৰ প্ৰায় ৭ টা ঘৰ খহি পৰে । ইয়াৰে ৩ টা ঘৰ অধিক ক্ষতিগ্ৰস্ত হয় । বাসগৃহ খহি পৰাৰ ফলত বহু লোক ধংসস্তুপত আৱদ্ধ হৈ পৰে ।

ফলত প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু ধংসস্তুপত আৱদ্ধ লোকক উদ্ধাৰ কৰে যদিও বৰ্তমানে ধংসস্তুপত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। সন্ধানহীন লোকসকলক বিচাৰি প্ৰশাসনে অভিযান চলাই আছে(Heavy rains cause landslides in Sikkim, National Highway 10 blocked)।

উল্লেখ্য যে, বৰ্তমান পৰ্যটকসকলক এই অঞ্চলটো ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। ইয়াৰোপৰি নেৰানেপেৰা বৰষুণৰ ফলত ছিকিমৰ বহুতো পথ খহি পৰিছে, যাৰ ফলত যান-বাহন আবদ্ধ হৈ পৰিছে ।এই দুৰ্যোগৰ পাছতে সমভূমি অঞ্চলৰ পৰা ছিকিমলৈ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ফলত ছিকিমত বহু পৰ্যটক আবদ্ধ হৈ পৰিছে। প্ৰশাসনে এই পৰিস্থিতি স্বাভাৱিক কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : 2 IEDs recovered from OGW network in Pulwama : জম্মু-কাশ্মীৰৰ পুলৱামাত বিস্ফোৰক সামগ্ৰীসহ আইইডি উদ্ধাৰ