Local, Vocal, Global

2 IEDs recovered from OGW network in Pulwama : জম্মু-কাশ্মীৰৰ পুলৱামাত বিস্ফোৰক সামগ্ৰীসহ আইইডি উদ্ধাৰ

নেশ্যনেল ডেস্ক,১১জুন : জম্মু-কাশ্মীৰৰ পুলৱামাত বিস্ফোৰক সামগ্ৰীসহ আইইডি উদ্ধাৰ। প্লাষ্টিকেৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ বিস্ফোৰক সমাগ্ৰীখিনি । সামগ্ৰীখিনিৰ পৰিমাণ প্ৰায় ৬ কিলোগ্ৰাম হ’ব বুলি জানিব পৰা গৈছে । উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰীখিনি শেহতীয়াকৈ নিহত এলইটিৰ অভাৰ-গ্ৰাউণ্ড কৰ্মী কমাণ্ডাৰ ৰিয়াজ দাৰ আৰু তেওঁৰ সহযোগী ৰায়ছ দাৰৰ আছিল বুলি সন্দেহ কৰা হৈছে ।

পুলৱামা আৰক্ষী, সেনা আৰু চিআৰপিএফৰ যুটীয়া বেষ্টনী আৰু তালাচী অভিযানৰ পিচতে এই বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে । ২ আৰু ৩ জুনৰ মাজনিশা সংঘটিত এক গুলীচালনাৰ ঘটনাত নিৰাপত্তা বাহিনীৰ হাতত নিহত হয় এলইটিৰ কমাণ্ডাৰ ৰিয়াজ দাৰ আৰু ৰায়ছ দাৰ(2 IEDs recovered from OGW network in Pulwama) ।

সন্ত্ৰাসবাদীকেইটাক নিষ্ক্ৰিয় কৰাৰ পিচতে অঞ্চলটোত তীব্ৰ তালাচী আৰম্ভ কৰা হয় । এই অভিযানৰ মাজতে জানিব পৰা গৈছিল যে তাত অভাৰ-গ্ৰাউণ্ড কৰ্মীৰ এক গুৰুত্বপূৰ্ণ নেটৱৰ্ক আছে । সেই কৰ্মীসকলে সন্ত্ৰাসবাদীসকলক আশ্ৰয় আৰু লজিষ্টিক প্ৰদান কৰি আহিছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়ে তাৰ পৰা বিলাল আহমেদ লোন, ছাজাদ গানী আৰু শাকিৰ বছিৰ নামৰ তিনিজন লোককো গ্ৰেপ্তাৰ কৰা হয় ।

অনুসন্ধানত এইটোও প্ৰকাশ পাইছে যে নিহত সন্ত্ৰাসবাদী দুটাই আইইডি নিৰ্মাণ কৰিছিল । যিবোৰ শাকিৰ বছিৰৰ বাগিচাৰ পৰা উদ্ধাৰ কৰা হৈছিল । প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে উক্ত আইইডিবোৰ বিস্ফোৰক সামগ্ৰীৰ সৈতে প্লাষ্টিকৰ পাত্ৰত বান্ধি ৰখা হৈছিল আৰু সক্ৰিয় চাৰ্কিট ট্ৰিগাৰ মেকানিজম আছিল । পিচত পুলৱামা আৰক্ষী আৰু সেনাই ইয়াক চিটুত নিষ্ক্ৰিয় কৰে ।

অভিযানটোৰ সময়ত একে-৪৭ ৰাইফল, একে-৪৭ ৰাউণ্ড, পিষ্টল আদিকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদো উদ্ধাৰ কৰা হয় । এই সন্দৰ্ভত পুলৱামা আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে এই সন্দৰ্ভত আৰক্ষী থানা কাকাপোৰাত ৩০৭ আইপিচি, ৭/২৭ অস্ত্ৰ আইন, ১৬,১৮,১৯,২০,৩৮ ইউএপিএ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে(IEDs Seized from OGW Network in South Kashmir) ।

লগতে পঢ়ক : 3 teenage girls missing in Jamugurihat : জামুগুৰিহাটত একেদিনাই সন্ধানহীন তিনি গৰাকীকৈ কিশোৰী