Local, Vocal, Global

অহা চাৰিটা দিনত ৰাজ্যত মষুলধাৰ বৰষুণৰ সম্ভাৱনা, সদৰী বতৰ বিজ্ঞান কেন্দ্ৰৰ

নিউজ ডেস্ক, ৩০ এপ্ৰিল:- বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি আগন্তুক বুধবাৰ পৰ্যন্ত ৰাজ্যজুৰি তীব্ৰ বতাহ-বৰষুণৰ আগজাননী ।

আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। আনকি ঠায়ে ঠায়ে বতাহ-ধুমুহা অহাৰো আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

জানিব পৰা মতে, গুৱাহাটী মহানগৰীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ২৮ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২১ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।

সমগ্ৰ ৰাজ্যৰ আজি নিশাৰ পৰাই অহা বুধবাৰলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে। অহা বৃহস্পতিবাৰেহে বতৰ কিছু ফৰকাল কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে,ৰঙালী বিহুৰ পৰাই ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই ।