পুনৰ এনকাউণ্টাৰ, এইবাৰ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ বেপাৰী

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ বেপাৰী।
গুৱাহাটীৰ পৰা ৰাজস্থানলৈ বুলি ড্ৰাগছখিনি লৈ গৈছিল ধৃত ড্ৰাগছ বেপাৰীজনে। RJ14-GT 9213 নম্বৰৰ ট্ৰাকৰ ডিজেল টেংকীত লুকুৱাই আনিছিল ড্ৰাগছখিনি। এই অভিযানত আৰক্ষীয়ে ৮৫ কেজি অপিয়াম আৰু ৩ কেজি ১০০ গ্ৰাম হেৰইন জব্দ কৰে।
শ্ৰীৰামপুৰৰ শিমলটাপুৰ পেট্ৰল পাম্পৰ সন্মুখত আটক মোহনলালক আৰু আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন । আৰক্ষীৰ সোধপোছৰ অন্তত গোসাইগাঁৱত এজন সতীৰ্থ থকাৰ কথা স্বীকাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীজনে।
আৰক্ষীয়ে নিশা প্ৰায় ১২:৩০ বজা মানত মোহনলালৰ সতীৰ্থক বিচাৰি মোহনলালে দেখুৱাই দিয়া মতে দলগাঁওলৈ যায় আৰক্ষী । হঠাতে মোহনলালে উপ পৰিদৰ্শক ব্ৰীজেশ কুমাৰৰ পিষ্টল কাঢ়ি আৰক্ষীলৈ লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰি পলাবলৈ চেষ্টা কৰে।
ইয়াৰপিছতেই আৰক্ষীয়ে মোহনলালক লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীৰ গুলীত মোহনলালৰ ভৰিত গুলী কৰে। আৰক্ষীয়ে গুলীবিদ্ধ মোহনলালক উদ্ধাৰ কৰি কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
ইপিনে অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে প্ৰমাণ বিনষ্ট কৰাৰ বাবে জব্দকৃত ট্ৰাকখন জ্বলাই দিয়ে।