Local, Vocal, Global

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

নিউজ ডেস্ক, ৭ এপ্ৰিল : শুকুৰবাৰৰ পৰা ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। অসমীয়াৰ প্ৰাণ স্বৰূপ ৰঙালী বিহুৰ সময়তো বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, শুকুৰবাৰৰ পৰা দেওবাৰ লৈ ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ। এই বৰষুণৰ ফলতেই স্থগিত হ’ব পাৰে বিভিন্ন ঠাইৰ বিহুৰ অনুস্থান সমূহ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাদিনো ধৰি প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে ঠাই ভেদে বতৰ ডাৱৰীয়া হৈ থকা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানেও কালৰূপ ধাৰণ কৰিছে।