Local, Vocal, Global

বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজনক আটক মৰিগাঁও আৰক্ষীৰ

নিউজ ডেস্ক, ৭ এপ্ৰিল : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । মৰিগাঁৱতো আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত । বৃহস্পতিবাৰে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভলাল বৰুৱাৰ নেতৃত্বত লাহৰিঘাট আৰু মৰিগাঁও আৰক্ষীয়ে যুটীয়া অভিযান চলাই মৈৰাবাৰীৰ দাঁতিয়ালবৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।

বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজনক আটক মৰিগাঁও আৰক্ষীৰ

উল্লেখযোগ্য যে, আৰক্ষীয়ে অভিযানত নগাঁও হাটপাৰাৰ জেহিৰুল ইছলাম আৰু নগাঁও বৰতল কচাৰিগাঁৱৰ অনিৰুল ইছলাম, চেলিমা খাতুন নামৰ লোক কেইজনক আটক কৰে।

আনহাতে, AS02CC0989 নম্বৰ টাটা মোবাইল গাড়ীৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ কঢ়িয়াই আনোতে আৰক্ষীয়ে আটক কৰে ব্যক্তি কেইজনক।আৰক্ষীয়ে প্ৰায় ২৮ টা চাবোনৰ বাকচত ড্ৰাগছ খিনি জব্দ কৰিছিল আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকা বুলি জনায় আৰক্ষীয়ে ।