Local, Vocal, Global

Heated situation in Samaguri: চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ ৰেলীত উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক,২৪অক্টোবৰ :চামগুৰিত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ ৰেলীত উত্তপ্ত পৰিস্থিতি।

উল্লেখ্য যে,আজি চামগুৰিত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী তাঞ্জিল হুছেইনে দাখিল কৰিব মনোনয়ন পত্ৰ।মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে চামগুৰিত কংগ্ৰেছৰ নেতা- কৰ্মী তথা সমৰ্থকসকলে বাহিৰ কৰিছে এক বিশাল ৰেলী। এই ৰেলী আৰম্ভ কৰিছে সমষ্টিটোৰ লাওখোৱা ব্লকৰ পৰা। এই ৰেলীৰ মাজেৰে গৈ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে দাখিল কৰিব মনোনয়ন পত্ৰ(Heated situation in Samaguri)।

কিন্তু মনোনয়ন পত্ৰ দাখিল পূৰ্বে একাংশ কংগ্ৰেছী সমৰ্থক আৰু বিজেপিৰ সমৰ্থকৰ উভয় পক্ষৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ।সৃষ্টি হয় দুয়ো পক্ষৰ মাজত হতাহতিৰ ।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাই।

লগতে পঢ়ক :Tea factory employee kidnapped in Tinsukia : তিনিচুকীয়াৰ জাগুনত চাহ বাগিচাৰ মহৰীক অপহৰণ;উগ্ৰপন্থীৰ দলে অপহৰণ কৰাৰ সন্দেহ