Local, Vocal, Global

Papaya Benefits: খালি পেটত অমিতা খোৱাৰ উপকাৰিতাৰ বিষয়ে আপুনি বাৰু জানেনে ?

নিউজ ডেস্ক, ২০আগষ্ট : বাৰ মাহত প্ৰকৃতিয়ে আমাক বিভিন্ন ফল উপহাৰ দিয়ে ।এই ফলসমূহত প্ৰকৃতিয়ে বহুতো ঔষধি গুণ লুকুৱাই ৰাখে।তাৰে ভিতৰত এবিধ ফল হৈছে অমিতা । অমিতা আমাৰ সকলোৰে পৰিচিত এক খাদ্য। প্ৰত্যেকৰে ঘৰত অমিতাৰ গছ থকা পৰিলক্ষিত হয় (Papaya Benefits)।

অমিতা এবিধ পুষ্টিদায়ক ফল। অমিতা মিঠা,সুস্বাদু আৰু এক সুন্দৰ ৰূপৰ আকৰ্ষণীয় ফল । অমিতা সকলোৰে প্ৰিয় নহ’ব পাৰে কিন্তু পকা অমিতাৰ পুষ্টিগত মূল্যই স্বাস্থ্য উন্নত কৰিব পাৰে । পকা অমিতাৰ জাম-জেলীও অতি সোৱাদযুক্ত । অমিতাক স্বাস্থ্যৰ উপকাৰিতাৰ ভঁৰাল বুলি ক’লেও ভুল নহ’ব (Health Benefits of Papaya)।

অমিতাত এন্টিঅক্সিডেন্ট, এনজাইম, ভিটামিন চি, ই আৰু এ, খাদ্য আঁহ, মেগনেছিয়াম আৰু পটাছিয়ামকে ধৰি বহুতো খনিজ পদাৰ্থ থাকে । অমিতাই ওজন হ্ৰাস কৰাত আমাক যথেষ্ট সহায় কৰে,অমিতাই আমাক অক্সিডেটিভ চাপ হ্ৰাসত সহায় কৰে বুলিও বুলি বিশ্বাস কৰা হয় ।

কিন্তু আপুনি বাৰু জানেনে খালী পেটত অমিতা খালে স্বাস্থ্যৰ বাবে কিমান উপকাৰী । আজি আমি আপোনালোকক অমিতাৰ কিছুমান আচৰিত স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কম ।

খালী পেটত অমিতা খোৱাৰ উপকাৰিতা

হজম শক্তি বৃদ্ধি হোৱাত সহায় কৰে

অমিতা এনে এবিধ ফল যি আমাক হজন শক্তি বৃদ্ধি কৰাত সহায় কৰে। অমিতাত পেপেইন নামৰ এবিধ এনজাইম থাকে যিয়ে পাচন ক্ৰিয়াত সহায় কৰে । খালী পেটত অমিতা খালে হজম প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাত সহায় কৰিব পাৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে । সেয়েহে এই ভিটামিন চি সমৃদ্ধ ফলৰ সৈতে দিনটো আৰম্ভ কৰিলে আপোনাৰ শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে । গতিকে ৰোগ আৰু সংক্ৰমণক দূৰত ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা খাদ্য সতালিকাত অন্তৰ্ভুক্ত কৰিব লাগে ।

ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে

অমিতা চেনি কম যদিও আঁহ বেছি থাকে, যাৰ বাবে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণৰ কৰে । খালী পেটত অমিতা খালে দিনটোৰ ভিতৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা সুস্থিৰ হৈ থাকে ।

প্ৰদাহ হ্ৰাস কৰে

অমিতাত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী যৌগ থাকে। যিয়ে আমাৰ শৰীৰৰ প্ৰদাহ কম কৰাত সহায় কৰে । খালী পেটত অমিতা খোৱাটোৱে প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে আৰু দীৰ্ঘদিনীয়া ৰোগ প্ৰতিৰোধ কৰিব পাৰে ।

ছাল সুস্থ কৰি ৰাখে

অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে। যি আমাৰ সুস্থ ছালৰ বাবে অতি প্ৰয়োজনীয় । খালী পেটত অমিতা খালে ছালৰ স্বাস্থ্য উন্নত আৰু অকাল বয়স বৃদ্ধি ৰোধ কৰাত সহায়ক হয় ।

ওজন কমোৱাত সহায়ক

অমিতা কেলৰি কম যদিও আঁহ বেছি, যাৰ বাবে ই ওজন হ্ৰাসৰ বাবে এক উত্তম ফল । খালী পেটত অমিতা খোৱাটোৱে আপোনাৰ ভোক ৰোধ কৰাত সহায় কৰিব পাৰে ।

হৃদযন্ত্ৰ সুস্থ সবল কৰি ৰাখে

অমিতাত প্ৰচুৰ পৰিমাণে আঁহ, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট থাকে, এই সকলোবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় । খালী পেটত অমিতা খোৱাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়, কলেষ্টেৰলৰ মাত্ৰা কম হয় আৰু ষ্ট্ৰোক প্ৰতিৰোধ কৰিব পৰা যায় ।