Local, Vocal, Global

হেডফোনেই কাল হ’ল এগৰাকী যুৱতীৰ

নিউজ ডেস্ক,২৯ মাৰ্চঃ চামগুৰিত পুৱাই চলন্ত ৰেলৰ চেঁপাত থিতাতে নিহত এগৰাকী যুৱতী। গুৱাহাটীৰ পৰা শিলঘাট অভিমুখী এখন যাত্ৰীবাহী ৰেলৰ চেঁপাত সংঘটিত হয় শোকাবহ ঘটনাটো।

নিহত যুৱতী গৰাকীৰ নাম মেঘনা বৰা বুলি জানিব পৰা গৈছে। ৰেল আলিৰে প্ৰাতঃভ্ৰমণ কৰি থাকোতেই এই দূৰ্ঘটনা সংঘটিত হয় ।

ৰেল আলিত যুৱতী গৰাকীৰ মৃতদেহৰ কাষত ম’বাইল আৰু হেডফোন উদ্ধাৰ হৈছে।

মৃত্যু মুখত পৰা মেঘনাই কাণত হেডফোন লগাই থোৱাৰ বাবে ৰেল অহাৰ উমান পোৱা নাছিল বুলি সন্দেহ প্ৰকাশ ৰাইজৰ।