Local, Vocal, Global

ধিঙৰ বৰভেঁটি গাঁৱৰ পথাৰত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,২৯ মাৰ্চঃ ধিঙৰ বৰভেঁটি গাঁৱৰ পথাৰত উদ্ধাৰ হৈছে এটি মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ধিঙৰ ধূপগুৰিৰ পথাৰৰ ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে।

লিজত লোৱা পুখুৰীৰ ধনৰ বাবে চলি থকা বিবাদৰ বাবেই হিফজুৰ নামৰ ব্যক্তিজনে ছাইদুল ইছলামক হত্যা কৰাৰ সন্দেহ পত্নীৰ।

উদ্ধাৰ হোৱা মৃতদেহটোৰ কেইবাঠাইতো আঘাতৰ চিন পৰিলক্ষিত হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।