ৰাজ্যত চেঞ্চুৰীৰ দিশে অগ্ৰসৰ হৈছে পেট্ৰ’লৰ মূল্য

নিউজ ডেস্ক, ২৯ মাৰ্চ : ইন্ধন গেছৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ মুৰত মাধমাৰ শোঁধাইছে। অসমতো শতকৰ ঘৰ অতিক্ৰম কৰিলে ইন্ধনৰ মূল্যই । মংগলবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য। গুৱাহাটীত চেঞ্চুৰীৰ দিশে অগ্ৰসৰ হৈছে পেট্ৰ’লৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰ’লত ৮৯ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৭৪ পইচাকৈ বৃদ্ধি কৰিছে চৰকাৰে ।গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.৮৯ টকা লৈ বৃদ্ধি আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৫.৯০ টকা লৈ বৃদ্ধি পাইছে । থিক একেদৰে ঢকুৱাখনাতো প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৩.২১ টকা লৈ বৃদ্ধি।

আনহাতে, বিগত ৮ দিনত ৭ বাৰকৈ বৃদ্ধি কৰা হৈছে পেট্ৰ’ল ডিজেলৰ মূল্য। নিৰ্বাচনৰ পিছতে জনতাক জলাকলা খুৱাইছে চৰকাৰে । এনেদৰে মূল্য বৃদ্ধিত সৰ্বহাৰা হৈ পৰিছে সাধাৰণ ৰাইজ।