Local, Vocal, Global

ৰাষ্ট্ৰপতিয়ে অসম ভ্ৰমণৰ সময়তে ধুবুৰীবাসীৰ বাবে আনিব সুখবৰ

নিউজ ডেস্ক: দেশৰ মহামান্য ৰাষ্ট্ৰপতিয়ে অসম ভ্ৰমণৰ সময়তে ধুবুৰীবাসীৰ বাবে আনিব সুখবৰটো। বৃহস্পতিবাৰে দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত উদ্বোধন হব ধুবুৰী চিকিৎসা মহাবিদ্যালয়। ৰাজ্যৰ স্বাস্থ্যখণ্ডত নৱতম সংযোজন ধুবুৰী চিকিৎসা মহাবিদ্যালয় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰিব। উদ্বোধনৰ প্ৰাকমুহূৰ্তত প্ৰস্তুতিৰ বুজ ল’বলৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। মহাবিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে উচ্চ পদস্থ বিষয়াৰে এখন বৈঠকত মিলিত হৈ চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাথঁনিৰ পৰ্যালোচনা কৰাৰ লগতে অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। উল্লেখ্য যে, অহা ১৫ নৱেম্বৰৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ হব বুলি মন্ত্ৰীজনে উল্লেখ কৰে। কাইলৈ অনুষ্ঠানত চিকিৎসা শিক্ষা সঞ্চালক ডা০ অনুপ বৰ্মন, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ড° মনোজ চৌধুৰী আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব।