পীযুষ হাজৰিকা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ’ল মৰিগাঁও চহৰ
![](https://mynewsne.com/wp-content/uploads/2022/10/WhatsApp-Image-2022-10-12-at-5.21.02-PM.jpeg)
নিউজ ডেস্ক: পীযুষ হাজৰিকা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ’ল মৰিগাঁও চহৰ৷ পুনৰ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তিৱা ছাত্ৰ সন্থা৷ তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত পুনৰ সৰৱ হোৱা তিৱা ছাত্ৰ সন্থাই আজি মৰিগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা সুৰক্ষা সমিতি আৰু ঐতিহাসিক তিৱা ৰাজদৰবাৰে মৰিগাঁও সদৰ বিহুতলীত প্ৰতিবাদী সাব্যস্ত কৰি তিৱা জনগোষ্ঠীৰ দাবীসমূহ পূৰণ কৰাৰ দাবী জনায়৷ তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা, অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন তিৱা এলেকাৰ পৰা প্ৰত্যাহাৰ কৰাকে ধৰি সাত দফীয়া দাবীৰে সংগঠনকেইটাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, পীযুষ হাজৰিকা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।