Local, Vocal, Global

নাজিৰাৰ মেকীপুৰ চাহ বাগিচাৰ খাৱৈত মুণ্ডহীন অৰ্ধগলিত মৃতদেহ উদ্ধাৰ 

নিউজ ডেস্ক: নাজিৰাৰ মেকীপুৰ চাহ বাগিচাৰ মাজৰ এটা দ’ খাৱৈত মুণ্ডহীন অৰ্ধগলিত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। মেকীপুৰ চাহ বাগিচাত কাম কৰি থকাৰ সময়তে এজন শ্ৰমিকে খাৱৈত এটা বস্তাৰ পৰা এখন ভৰি ওলাই থকা প্ৰত্যক্ষ কৰে। শ্ৰমিকজনে লগে লগে বাগিচাৰ মেনেজাৰ আৰু চাহ জনগোষ্ঠী সংগঠনৰ কৰ্মীক অৱগত কৰে আৰু ঘটনাৰ বিষয়ে নাজিৰা মহকুমা প্ৰশাসন আৰু আদৰ্শ আৰক্ষীক খবৰ দিয়ে। প্ৰশাসনৰ এজন দণ্ডাধীশ আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসসহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। দণ্ডাধীশৰ নিৰ্দেশত আৰক্ষী আৰু শ্ৰমিকে মৃতদেহটো উদ্ধাৰ কৰে৷ মৃতদেহটোৰ সোঁহাত আৰু মুণ্ডহীন অৱস্থাত প্ৰত্যক্ষ কৰাত কোনো দুৰ্বৃত্তই লোকজনক অতি নৃশংসভাৱে হত্যা কৰি বস্তাত ভৰাই বাগিচাৰ খাৱৈত পেলাই থৈ যোৱাটো নিশ্চিত হয়। জিন্স পেণ্ট পৰিহিত মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।