Local, Vocal, Global

পুনৰ মহানগৰীত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৭ আগষ্ট : শনিবাৰে সন্ধিয়া গুৱাহাটীৰ ৰূপনগৰ ( Rupnagar) অঞ্চলৰ এ এছ টি চি কৰ্মশালাৰ (ASTC Workshop) ওচৰত ভৰলু নদীৰ দলঙৰ তলত উদ্ধাৰ হয় এজন অচিনাক্ত ব্যক্তিৰ অৰ্ধগলিত মৃতদেহ ।

খবৰ অনুসৰি, মানুহজনে নীলা জিন্স আৰু চাৰ্ট পিন্ধি আছিল। আনহাতে, তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, প্ৰথমে স্থানীয় লোকে মৃতদেহটো খালত ওপঙি থকা দেখা পাইছিল আৰু তাৰ পিছত তেওঁলোকে আৰক্ষীক খবৰ দিছিল।

পৰৱৰ্তী সময়ত, ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।