Local, Vocal, Global

একেদিনাই ৰাজ্যত দুটাকৈ কৰুণ দুৰ্ঘটনা

নিউজ ডেস্ক, ৭ আগষ্ট : অসমত শনিবাৰে সংঘটিত হোৱা দুটা পৃথক ঘটনাত দ্ৰুতবেগী ৰে’লে খুন্দিওৱাৰ ফলত দুজন লোক কৰুণভাৱে নিহত হৈছিল।

প্ৰথম দুৰ্ঘটনাটো অসমৰ লখিমপুৰ (Lakhimpur ) জিলাৰ অন্তৰ্গত ধলপুৰত সংঘটিত হৈছিল। এগৰাকী মহিলাক অৰুণাচল অভিমুখী এখন ৰে’লে মহটিয়াই নিছিল।

বৰ্তমানসময়লৈকে মৃত মহিলাগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।

আন এটা ঘটনাত, শনিবাৰে নিশা অসমৰ শিৱসাগৰ (Sivasagar) জিলাৰ অন্তৰ্গত ডিমৌত এজন যুৱক ৰাজধানী এক্সপ্ৰেছ (Rajdhani express) ৰে’লৰ খুন্দাত ঘটনাস্থলীতে নিহত হয়।

যুৱকজনৰ পৰিচয় বৰ্তমানসময়লৈকে জানিব পৰা হোৱা নাই ।

ইফালে, আৰক্ষীয়ে দুয়োটা ঘটনাতে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।