Local, Vocal, Global

ক’লা বজাৰত বিক্ৰী সুলভ মূল্যৰ চাউল

হাজো সমষ্টিৰ টাঙোনমাৰীত পুৱতি নিশা সুলভ মূল্যৰ চাউল কলা বজাৰত বিক্ৰী কৰা ঘটনাই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য়ৰ সৃষ্টি কৰিছে । যিটো সময়ত ৰাইজে লকডাউন আৰু বানপানীত সৰ্বস্বান্ত হৈ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে তেনে সময়ত  সুলভ মূল্যৰ চাউল ক’লা বজাৰত বিক্ৰী কৰা ঘটনাই   উত্তেজনাৰ সৃষ্টি  কৰিছে ।

পশ্চিম বংশৰ সমবায় সমিতি লিমিটেডৰ  সুলভ মূল্যৰ দোকানী লাইলী বেগমে আজি পুৱতি নিশা প্ৰায় ৪  বজাত ১৯ কুইন্টল চাউল ক’লা বজাৰত বিক্ৰী কৰি থকা সময়ত ৰাইজে হাতে- লোটে ধৰা পেলায়। বঙালপাৰা গাঁৱৰ আশ্ৰফ আলীৰ পুত্র মুনজুল হক আৰু আব্দুল হাইৰ পুত্র বাবৰ আলীয়ে নাও এখন লৈ টাঙোনমাৰীৰ সুলভ মূল্যৰ এজেন্ট লাইলী খাতুনৰ দোকানৰ পৰা চাউলখিনি ভৰ্তি কৰি আহি থকাৰ সময়তে ৰাইজে জব্দ কৰি ৰামদিয়া আৰক্ষীক গতাই দিয়ে।ইতিমধ্যে ৰামদিয়া আৰক্ষীয়ে চাউল,নাও সহ  চাউল বিক্ৰীৰ লগত জড়িত অপৰাধী দুয়ো গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।