Local, Vocal, Global

হাজোত বান পীড়িত অঞ্চল ভ্ৰমণ বিধায়িকাৰ

হাজোৰ বিস্তীৰ্ণ এলেকা এতিয়া পানীৰ তলত।মানুহকে ধৰি পশুধনৰ বিলৈ বিপত্তি নোহোৱা হৈছে ।হাজোৰ বান বিধস্ত অঞ্চল পৰিভ্ৰমণ কৰে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে হাজোৰ তিনি ঠাইত মথাউৰি ছিগি বানৰ তাণ্ডৱ চলোৱাত আলৈ আথানি নোহোৱা হোৱাত এই সকল বানাক্ৰান্তৰ কাষত থিয় দিছে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া।বিধায়িকা গৰাকীয়ে ভগ্ন মথাউৰি চিঙা অঞ্চলত দুৰ্গত লোক সকলক খাদ্য সমগ্ৰীও বিতৰণ কৰে।