Local, Vocal, Global

Watch | Hagrama Mohilary: ‘BPF আৰু UPPL ৰ মিত্ৰতাত চূড়ান্ত বাধাৰ সৃষ্টি কৰিছে চন্দন ব্ৰহ্ম আৰু খামফা বৰগয়াৰীয়ে’

বঙাইগাঁও: বিটিএডিত বড়ো জনগোষ্ঠীৰ ৰাজনৈতিক দল সমূহৰ মাজত এবছুৰ নেতৃত্বত একত্ৰিত কৰাৰ প্ৰয়াস চলি থকাৰ সময়ত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু প্ৰাক্তন বিপিএফ নেতা খামফা বৰগোৱাৰী বড়ো জনগোষ্ঠীৰ কাল শত্ৰু বুলি ক্ষোভ প্ৰকাশ কৰি বিপিএফ আৰু ইউপিপিএল দল দুটা একত্ৰিকৰনত কোনো আপত্তি নাই । এই কথা আমি লিখিত ভাবে জনাইছো । কিন্তু আজিলৈকে এই একত্ৰিতকৰনৰ ক্ষেত্ৰত ইউপিপিএল দলৰ পৰা কিয় লিখিত প্ৰতিশ্ৰুতি লব পৰা নাই সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু বড়ো সাহিত্য সভাক প্ৰশ্ন কৰিছে বিপিএফ প্ৰধান তথা সভাপতি হাগ্ৰামা মহিলাৰীয়ে।

আজি ক্ষমতা দখলৰ অৰ্থে তুমুল যুজঁ চলি থকা বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বড়ো ৰাজধানী কোকৰাঝাৰ জিলাৰ শান্তিনগৰত অৱস্থিত ডি এন হিমত সিংখা খেলপথাৰৰ পৰা আৰম্ভ হোৱা বিপিএফ দলৰ মুঠ ছয়টা পৰিষদীয় এলেকাৰ কেন্দ্ৰীয়ভাৱে গ্ৰহণ কৰা আশীৰ্বাদ শোভাযাত্ৰা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰে যে বিজেপি ৰ মিত্ৰতা আৰু বিটিআৰ ক্ষমতা এৰিব নিবিচৰা প্ৰমোদ বড়োৰ ইউ পি পি এল দলে বড়ো জনগোষ্ঠীৰ আহ্বানৰ প্ৰতি আগ্ৰহ দেখুৱাই ৰাজনৈতিক নাটক এৰি একত্ৰিতকৰন কৰাৰ বাস্তৱ ৰূপ কিয় নিদিয়ে বুলি প্ৰশ্ন কৰে ?

বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে অতি শীঘ্ৰেই দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰী ,চালাকাটি ত দেৰহাৰচাত বসুমতাৰী ,প্ৰকাশ বসুমতাৰীক দোতোমা ,ধনেশ্বৰ বৰগোৱাৰীক বাওখুঙৰী আৰু কুমুদ চন্দ্ৰ নাৰ্জাৰীক বনৰগাওঁ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ ঘোষণা কৰিব বুলি প্ৰকাশ কৰে ।বিপিএফ ৰ এই আশীৰ্বাদ শোভাযাত্ৰাত প্ৰাক্তন মন্ত্ৰী তথা বিপিএফ মহিলা শীৰ্ষনেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম কে ধৰি শীৰ্ষনেতা সকল উপস্থিত আছিল।

লগতে পঢ়ক : Watch | Teok news: পবিত্ৰ ভাদ মাহৰ বাবে যোৰহাট জিলাৰ চটাই দক্ষিণপাট সত্ৰতো ভক্ত বৈষ্ণৱক আদৰিবলৈ সাজু