Local, Vocal, Global

যন্ত্ৰণাকাতৰ ২৪ টাকৈ শনিবাৰ-ৰবিবাৰ

বন্দীত্বৰ এক দীৰ্ঘদিনীয়া সময়ৰ অৱসান। ২২ মাৰ্চৰ পৰাই সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা বাধা আতৰিল। বিগত ২৪ সপ্তাহে সমগ্ৰ দেশজুৰি আছিল বহুতো বাধ্যবাধকতা। প্ৰথম অৱস্থাত সমগ্ৰ দেশৰ লগতে অসমতো আছিল আৰক্ষী প্ৰশাসন নিচিদ্ৰ বেহু। ঘৰৰ পৰাই বাহিৰত ওলাই অহাটো এক প্ৰকাৰে চিন্তা পৰিণত হৈছিল!
চৰকাৰ প্ৰশাসনে বহুতো শিঠিলতা প্ৰদান কৰিলে যদিও বিগত ২৪ সপ্তাহে শনিবাৰ-ৰবিবাৰৰ দিনটো বন্ধ আছিল। বিগত মাহচোৱাৰ ২৪টাকৈ শনিবাৰ আৰু ২৪ টাকৈ ৰবিবাৰ দেশবাসীয়ে কটাই আছিল বন্দীত্বৰ জীৱনত।
ভাৰত চৰকাৰৰ কিছুদিন পুৰ্বেই আনলক ৪.০ বিভিন্ন নতুন নিয়ম ঘোষণা কৰিছিল যদিও আজিৰ পৰাই আতৰিল ৰাজ্য চৰকাৰৰ বাধা।
অৱশেষত অৱসান ঘটিল সপ্তাহিক লকডাউনৰ। আজিৰে পৰাই সমগ্ৰ ৰাজ্যজুৰি নাথাকে সাপ্তাহিক লকডাউন। নাথাকে নৈশ সান্ধ্য আইনো। অৰ্থাৎ অসমৰ পৰাই নোহোৱা হ’ল সাপ্তাহিক লকডাউন আৰু সাধ্য আইন। কৰ’নাৰ ত্ৰাস চলি থকাৰ সময়তে দেশজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। এতিয়া সকলবোৰ নিৰ্ভৰ কৰিব জনতাৰ ওপৰত।