কৰ’নালৈ ভ্ৰূক্ষেপ নাই,মাস্ক নিপিন্ধো!

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা৷ প্ৰতিদিনে প্ৰায় দুই সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কৰ’নাত৷ মহানগৰীতো অব্যাহত আছে কাল কৰ’নাৰ বিভীষিকা৷ স্বাস্থ্যমন্ত্ৰীয়েও বাৰম্বাৰ ৰাজ্যবাসীক কৈ আছে যে আগন্তুক সময়ত হয়তো চিকিৎসা প্ৰদানত অসুবিধা হ’ব পাৰে৷ কিন্তু স্বাস্থ্যমন্ত্ৰীৰ অনুৰোধ প্ৰশাসনৰ কঠোৰতাৰ পিছতো সজাগ-সতৰ্ক নহয় একাংশ৷ সামাজিক দূৰত্ব অলপো নামানে, নিপিন্ধে মাস্ক৷ উপায়বিহীন হৈ আৰক্ষীয়ে মাস্ক নিপিন্ধা লোকক জৰিমণা বিহিবলৈ বাধ্য হৈছে৷
৮ মে’ৰ পৰা ১৬ ছেপ্টেম্বৰলৈ মহানগৰ আৰক্ষীয়ে ৩৮ লাখ ১১ হাজাৰ ৭০০ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে মাত্ৰ এদিনতে জৰিমনা সংগ্ৰহ হৈছিল এক লাখ টকাৰো অধিক৷ লক্ষ্যণীয়ভাৱে আজিৰ দিনটোলৈ প্ৰায় ৪৩ লাখ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ মহানগৰ আৰক্ষী সক্ষম হৈছে৷