Local, Vocal, Global

ৰাজ্যসভাত উন্মোচিত অসমৰ কৃষিখণ্ডৰ ভয়ংকৰ তথ্য

এক ভয়ংকৰ খবৰ৷ দেশত আন প্ৰান্তৰ সমান্তৰালকৈ অসমতো আত্মহত্যাৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে৷ ৰাজ্যসভাত উন্মোচিত এক ভয়ংকৰ তথ্য৷ National Crime Records Bureaurৰ ৰিপ’র্টত উন্মোচিত হৈছে কৃষিখণ্ডৰ উন্নয়নৰ ফোপোলা স্বৰূপৰ ভয়ংকৰ তথ্য৷ বিগত ৪ বছৰত ৰাজ্যত ৪০গৰাকী কৃষকে বাচি লৈছে আত্মহননৰ দৰে চৰম পথ৷ ৰাজ্যত সৰ্বমুঠ ২৪১গৰাকী কৃষি শ্ৰমিকে বাচি লৈছে আত্মহননৰ পথ৷

কৃষিখণ্ডত উন্নয়নৰ জয়গান গোৱা চৰকাৰখনৰ কাৰ্যকালত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা৷ যিসময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৃষকৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি ঘোষণাৰে কৃষক ৰাইজক সকাহ দিয়া বুলি দম্ভালি মাৰি আছে৷ কিন্তু আচলতে দেশৰ ৰাজ্যৰ কৃষক প্ৰকৃততে লাভাৱান্বিত হৈছে নে নাই সেয়া একপ্ৰকাৰ প্ৰশ্নবোধক হৈ পৰিছে৷