Local, Vocal, Global

”দা কাশ্মীৰ ফাইলছ” চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীক অৰ্ধছূটী

নিউজ ডেস্ক, ২৫ মাৰ্চঃ “দা কাশ্মীৰ ফাইলছ” চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক-কৰ্মচাৰীক অৰ্ধছূটী। এক জাননীযোগে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জনাইছে এই কথা।

উল্লেখ্য যে, ১৭ মাৰ্চ তাৰিখে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে দিয়া নিৰ্দেশনা নং GAG (B). 152/202/44ৰ  ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই জাননী আগবঢ়াইছে।

এই জাননী অনুসৰি চলচিত্ৰখন চাবলৈ বিচৰা অধ্যাপক-কৰ্মচাৰীয়ে কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ অনুমতি ল’ব লাগিব আৰু চলচিত্ৰখন চাই সেই টিকট পাছদিনাই কাৰ্যালয়ত জমা দিব লাগিব। সেই টিকট জমা দিলেহে উক্ত দিনটোৰ অৰ্ধছুটী গণ্য কৰা হ’ব।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে কাশ্মীৰ ফাইলছ চাবলৈ চৰকাৰী কৰ্মচাৰীসমূহক অৰ্ধছূটী দিয়া হ’ব।