Local, Vocal, Global

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা

নিউজ ডেস্ক, ২৫ মাৰ্চ : ৰাজ্যত এনকাউন্টাৰ ঘটনা অব্যাহত থকাৰ মাজতে পুনৰ অসম আৰক্ষী এনকাউন্টাৰ ।

অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ বোকাজানত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ এনকাউন্টাৰ । আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰী । পলায়নৰ চেষ্টা কৰোঁতেই গুলী চালনা কৰে আৰক্ষীয়ে ।

বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে সন্ধিয়া বৃহত্‍ পৰিমাণৰ সন্দেহযুক্ত হে’ৰইনসহ এজন সৰবৰাহকাৰীক আটক কৰিছিল।

খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমাৰ খটখটীত এক অভিযান চলাই তালাচী কালত নাকা তালাচী পইণ্টেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত সৰবৰাহকাৰীটোৰ কেৰি বেগৰ পৰা 40 টা চাবোনৰ বাকচৰ ভিতৰত প্ৰায় আধা কেজি হে’ৰইন উদ্ধাৰ কৰিছিল।