Guwahati Traffic Advisory Issued Ahead of PM Modi’s Visit Today : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ;যান-বাহন আৰক্ষীৰ বিশেষ পথ নির্দেশনা

নিউজ ডেস্ক,১৬ এপ্ৰিল : আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
এইবাৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত মা কামাখ্যাৰ পবিত্ৰ ভূমিত পদাপৰ্ণ কৰিব। মঙলবাৰে সন্ধিয়া প্ৰায় ৭-০০বজাত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰিব আৰু তাৰ পিছতে পোনে পোনে কইনাধৰালৈ বুলি যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীগৰাকী(Guwahati Traffic Advisory Issued Ahead of PM Modi’s Visit Today) ।
প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে মহানগৰীত জাৰি কৰিছে বিশেষ পথ নির্দেশনা । কেইবাটাও পথৰে ১৭নং ৰাষ্ট্রীয় ঘাইপথলৈ যোৱাত নিষেধাজ্ঞা(Guwahati police impose traffic restrictions ahead of PM Modi’s visit )।
যান-বাহন আৰক্ষীৰ নির্দেশনা অনুসৰি,
নিষিদ্ধ কৰা হৈছে ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড।
বিয়লি ৩-১০ বজালৈ সকলো বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।
জি এন বি ৰোড, জি এছ ৰোডত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।
লেহেমীয়া বাহন চলাচলো নিষিদ্ধ কৰা হৈছে উক্ত পথকেইটাৰে।
বিমান বন্দৰৰ পৰা খানাপাৰা অভিমুখী বাছৰ বিশেষ নিয়ন্ত্ৰণ।
সকলো ASTC, বে-চৰকাৰী বাছসমূহ নিয়ন্ত্রণ কৰা হ’ব।
এবিচি পইণ্টৰ পৰা অসম বিধানসভা ৰটাৰীলৈকে বিশেষ নিৰ্দেশনা।
বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এটা ট্রেকত চলিব বাহন।
জৰুৰীকালীন যান-বাহনৰ চলাচলত কোনোধৰণৰ বাধা নাথাকিব।