Local, Vocal, Global

লকডাউনৰ বাবে সলনি হৈছে গুৱাহাটীৰ যাতায়াতৰ পথ

গুৱাহাটীৰ বিভিন্ন অঞ্চলত লকডাউনৰ বাবে সলনি কৰা হৈছে যাতায়াতৰ পথসমূহ ৷

গুৱাহাটী যান-বাহন আৰক্ষীয়ে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি এ. কে. দেৱ ৰোড, এ. টি. ৰোড, এইচ. বি. আৰু এফ. এ. ৰোড বৰ্জন কৰিবলৈ সৰ্বসাধাৰণক নিৰ্দেশ দিছে  ৷

এই পথসমূহৰ পৰিৱৰ্তে লকডাউন নথকা এটা অঞ্চলৰপৰা আন এটা অঞ্চললৈ অহা-যোৱা কৰোতে জি.এছ. ৰোড, এম. জি .ৰোড, ডিজি. ৰোড, একে. আজাদ ৰোড আৰু এন. এইচ. বাইপাছ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে ৷

গুৱাহাটী যান-বাহন আৰক্ষীয়ে  টুইটাৰ একাউণ্টযোগে প্ৰকাশ কৰিছে এই কথা ৷