Local, Vocal, Global

Guwahati police issues traffic guidelines ahead of IPL match in Barsapara stadium : IPLৰ বাবে যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

নিউজ ডেস্ক,১৫মে’ : আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু পঞ্জাব কিংছৰ খেল। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচ দুখনৰ বাবে অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰিয়ান পৰাগৰ বাবে(Guwahati police issues traffic guidelines ahead of IPL match in Barsapara stadium) ।

আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া আইপিএল মেচৰ সময়ত যাতে মহানগৰীত কোনো যান-জঁটৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কিছু নিষেধাজ্ঞা ।

নিৰ্দেশনা অনুসৰি… বুধবাৰে আৰু ১৯ তাৰিখে হ’বলগীয়া মেচ দুখনৰ পূৰ্বে বিয়লি ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকাতকৈ অধিক বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

সমান্তৰালভাৱে জি এছ ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, এফ এ ৰোড, বিষ্ণুপুৰ ৰোড, এম জি ৰোড, এ টি ৰোড, আৰ এম চি ৰোড, জি এন বি ৰোড, কাহিলিপাৰা ৰোডতো বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল ।

লগতে পঢ়ক : Tragic Accident in Nazira : নাজিৰাত শোকাৱহ দুৰ্ঘটনা;নিহত এজন,গুৰুতৰভাৱে আহত দুজন