Local, Vocal, Global

Delhi CM Arvind Kejriwal issued summons by ED for 7th time in excise policy case :পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ EDৰ চমন

নেশ্যনেল ডেস্ক,২২ ফেব্ৰুৱাৰী : পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চমন (ED again summons Delhi CM Arvind Kejriwal) । দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতিৰ দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে ED য়ে(ED issues seventh summons to Delhi CM Arvind Kejriwal in excise policy case)।

সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকী ২৬ ফেব্ৰুৱাৰীত হাজিৰ হ’ব লাগিব ED কাৰ্যালয়ত। দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ সৈতে নাম সাঙোৰ খোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ ED য়ে চমন জাৰি কৰিছে। কিন্তু তেতিয়া মুখ্যমন্ত্ৰী ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল আৰু এই জাননী অবৈধ বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে(Kejriwal Asked To Appear Before ED For 7th Time On Feb 26 After Many Misses) ।

পিচত ইডিয়ে আদালতৰ হস্তক্ষেপ বিচাৰি ৰাউজ এভিনিউ আদালতত আবেদন দাখিল কৰিছিল । আদালতে ১৭ ফেব্ৰুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল । কেজৰিৱালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত অংশগ্ৰহণ কৰিছিল আৰু কৈছিল যে তেওঁ বৰ্তমান দিল্লী বিধানসভাৰ বাজেট অধিবেশনত ব্যস্ত আৰু তেওঁ নিশ্চিতভাৱে পৰৱৰ্তী শুনানিত উপস্থিত থাকিব(Delhi CM Arvind Kejriwal issued summons by ED for 7th time in excise policy case) ।

বৃহস্পতিবাৰে পুনৰ ইডিয়ে সুৰা নীতি সম্পৰ্কীয় ধন আত্মসাৎ গোচৰত সোধা-পোছাৰ বাবে চমন জাৰি কৰিছে । ইডিয়ে ২৬ ফেব্ৰুৱাৰীত সোধা-পোছাৰ বাবে তেওঁক মাতি পঠিয়াইছে । এনে পৰিস্থিতিত কেজৰিৱালে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় বিষয় ।

লগতে পঢ়ক : Guwahati Class 12 Student Allegedly Takes His Life Ahead of CBSE Board Exams : বেলতলা চন্দন নগৰৰ উৰ্বশী এনক্লেভৰ ফ্লেট নম্বৰ ১০২ত উদ্ধাৰ DPSৰ ছাত্ৰৰ মৃতদেহ