Local, Vocal, Global

মুষলধাৰ বৰষুণত জলমগ্ন গুৱাহাটী মহানগৰী

নিউজ ডেস্ক, ১৪ জুন : গুৱাহাটী এতিয়া বানহাটীত পৰিণত। এজাক ধাৰাসাৰ বৰষুণত বুৰ গল স্মাৰ্ট চিটি। চৌদিশে সৃষ্টি হৈছে কৃত্ৰিম বানৰ। বৰষুণত স্তব্ধ হৈ পৰিছে ব্যস্ত মহানগৰীৰ জনজীৱন। চান্দমাৰি , জুৰোড, অনিল নগৰ ,নবীন নগৰ, কাহিলীপাৰা , হাতীগাঁও , ৰাজগড়কে ধৰি বহু কেইটা অঞ্চল এতিয়া পানীৰ তলত ।

একাঁঠু নহয় একঁকাল পানী যাৰ বাবে হাৰাশাস্তি ভূগিব লগা হৈছে সবৰ্সাধাৰণে। মুষলধাৰ বৰষুণ অব্যাহত থকাত সৃষ্টি হৈছে যানযটৰ। বৰষুণত মহানগৰীৰ কেইবাটাও স্থানত ভয়ংকৰ ভূ স্খলনত মাটিৰ তলত পোত গ’ল কেইবাটাও বাসগৃহ ।

গুৱাহাটীত ক্ৰমান্বয়ে বান পৰিস্থিতি আৰু ভূমিস্খলন জটিল হৈ পৰাত গুৱাহাটী প্ৰশাসনে জৰুৰী ভাবে মুকলি কৰিছে দুটাকৈ বিশেষ হেল্পলাইন নম্বৰ। সেই সমূহ হৈছে ১০৭৭/৯৩৬৫৪-২৯৩১৪ ।প্ৰয়োজন নোহোৱাকে ঘৰৰ পৰা নোলাব আহ্বান প্ৰশাসনৰ।

উল্লেখযোগ্য যে অহা ১৭ জুন পৰ্যন্ত অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ আগজাননী পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আকাংক্ষাত কেইবাটাও ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি।