Local, Vocal, Global

উত্তৰ প্ৰদেশত মৃত্যু অসমৰ এজন যুৱকৰ

নিউজ ডেস্ক, ১৪ জুন : লাডাখ ভ্ৰমণ কৰি উভতি অহাৰ পথত উত্তৰ প্ৰদেশত এক শোকাৱহ ঘটনাত অসমৰ এজন যুৱকৰ মৃত্যু ।

মৃত লোকজন যুৱকজন অসমৰ যোৰহাট জিলাৰ মৰিয়নিৰ নাগজংকা গড়মুৰগাঁৱৰ বাসিন্দা নিতু ৰাজকোঁৱৰ আছিল বুলি চিনাক্ত কৰা হৈছে ।

বাতৰি অনুসৰি, উত্তৰ প্ৰদেশৰ কনৌজত পথ দুৰ্ঘটনাত পতিত হোৱাৰ পিছত যুৱকজনৰ মৃত্যু হয়। দুৰ্ঘটনাটো সংঘটিত হৈছিল যেতিয়া তেওঁ লাডাখৰ পৰা বাইকত গৈ আছিল।

উল্লেখ্য যে, মৰিয়নি সমষ্টিৰ নাগাজংকা অন্তৰ্গত গড়মূৰ গাঁৱৰ প্ৰণৱ ৰাজকোঁৱৰ আৰু অনু ৰাজকোঁৱৰৰ পুত্ৰ নিতু ৰাজকোঁৱৰে বাইকেৰে লাডাখ ভ্ৰমণ কৰিছিল।

যোৱা ১২ জুনত লাডাখৰ পৰা স্বগৃহলৈ উভতি আহি থকাৰ সময়তে উত্তৰ প্ৰদেশৰ কনৌজ জিলাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুৰ্ঘটনাস্থলিতে মৃত্যু হয় নিতু ৰাজকোঁৱৰৰ। গুৱাহাটী নুনমাটি তেল শোধনাগাৰত সহকাৰী অভিযন্তা হিচাপেও কৰ্মৰত আছিল নিতু ৰাজকোঁৱৰ।