Local, Vocal, Global

মৰিয়নিত ড্ৰাগছসহ আটক ২যুৱক

নিউজ ডেস্ক, ১৪ জুন : ৰাজ্যত বৰ্তমানেও ড্ৰাগছ বিৰুদ্ধে অভিযান অব্যাহত আছে।

মংগলবাৰে RPF-GRPF বাহিনীয়ে মৰিয়নিত উজনিমুৱা ৰঙিয়া-কামাখ্যা ৰে’লত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়।

RPF-GRPF বাহিনীয়ে চলোৱা অভিযানত ড্রাগছসহ দেৱজিৎ শইকীয়া আৰু বিকাশ চাওতাল নামৰ দুই যুৱকক আৰক্ষীয়ে আটক কৰিছে।

গ্রেপ্তাৰ যুৱক দুজনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্রাগছ জব্দ কৰিছে।

সম্প্ৰতি আৰক্ষীয়ে দুয়োকে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।