Local, Vocal, Global

Husband Arrested 7 Times In 10 years : বিবাহৰ ১০ বছৰত ৭বাৰকৈ জে’ললৈ প্ৰেৰণ স্বামীক

নেশ্যনেল ডেস্ক, ১২ জুলাই : এগৰাকী মহিলাই স্বামীক ১০ বছৰত ৭বাৰকৈ প্ৰেৰণ কৰিছে জে’ল হাজোতলৈ (Husband Arrested 7 Times In 10 years)। পাৰিবাৰিক কন্দলৰ বাবেই স্বামীক ৭ বাৰকৈ গ্ৰেপ্তাৰ কৰোৱা এই ঘটনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত ।

স্বামীক গ্ৰেপ্তাৰৰ পাছত প্ৰতিবাৰে গ্ৰাণ্টাৰ হিচাবে নিজেই আদালতত হাজিৰ হৈছিল মহিলাগৰাকী (Husband Arrested 7 Times In 10 years)। এই ঘটনা গুজৰাটৰ মেহাছানাৰৰ । জিলাখনৰ কাদি চহৰত বাস কৰা দম্পত্তি প্ৰেমচান্দ মালি আৰু তেওঁৰ পত্নী চনুৰ পাৰিবাৰিক কাহিনী এয়া ।

গুজৰাটৰ মেহাছানাৰ পৰা এটা অদ্ভুত গোচৰ পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই ১০ বছৰ নৌহওঁতেই ৭বাৰ স্বামীক গ্ৰেপ্তাৰ কৰাইছিল । কিন্তু প্ৰতিটো গ্ৰেপ্তাৰৰ পিছত তাই নিশ্চয়তাদাতা হিচাপে মানুহজনক মুক্তিৰ ব্যৱস্থা কৰে ।

২০০১ চনত দুয়োৰে বিবাহপাশত আবদ্ধ হয় আৰু ২০১৪ চনত তেওঁলোকৰ সম্পৰ্কত অসুবিধা আৰম্ভ হয় । চনুৱে ২০১৫ চনত স্বামীৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰথমটো গোচৰ ৰুজু কৰে । ইয়াৰ ফলত আদালতে তেওঁক মাহিলী ২০০০ জীৱিকাৰ ধন দিবলৈ নিৰ্দেশ দিয়ে।

জে’লৰ পৰা ওলাইয়ে এই ধনৰাশি পৰিশোধৰ বাবে অমান্য হোৱা প্ৰেমচান্দক পত্নীৰ অভিযোগৰ ভিত্তিতেই পুনৰ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । পিছে পাঁচ মাহ কাৰাগাৰত বন্দীত্ব কটোৱা স্বামীক আশ্চৰ্যজনকভাৱে পত্নী চনুৱেই কৰাইছিল মুকলি । দুয়ো স্বামী-স্ত্ৰীয়ে পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল যদিও কাজিয়া, বিচ্ছেদ আৰু মিলনৰ জটিল জালত আবদ্ধ হৈ থাকিল।

মত-দ্বিমতৰ কন্দলে পুনৰ বাৰ যাব লগীয়া হৈছিল জে’ললৈ । আইনী তথ্য অনুসৰি প্ৰেমচান্দক ২০১৬ চনৰ পৰা ২০১৮ চনলৈ প্ৰতি বছৰেই পত্নী চনুৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। যিয়ে তেওঁক ক্ষতি কৰাৰ প্ৰতি অভিযোগ উত্থাপন কৰে স্বামী প্ৰেমচান্দে । পিছে আচৰিত কথাতো হ’ল যে প্ৰতিবাৰেই প্ৰেমচান্দৰ মুক্তিৰ ক্ষেত্ৰত সহায় কৰে পত্নী চনুয়ে ।

ইয়াৰ পাছতো ২০১৯ আৰু ২০২০ চনত পুনৰ কাৰাগাৰলৈ গৈছিল প্ৰেমচান্দ । এইসময়চোৱাতো তেওঁক সুৰক্ষা প্ৰদান কৰিছিল চনুৱে। যাৰ বাবে প্ৰেমচান্দে আদালতৰ শাস্তি পোৱাৰ পৰা বাছি গৈছিল।

শেহতীয়াকৈ এই বছৰৰ আৰম্ভণিত পুনৰ গ্ৰেপ্তাৰ হোৱা প্ৰেমচান্দক বিগত ৪ জুলাইত মুক্তি কৰালে চনুৱে । যাৰ বাবে সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিল প্ৰেমচান্দ আৰু চনুৰ কাহিনী।

উল্লেখ্য যে শেহতীয়াকৈ জে’লৰ পৰা মুক্তি লাভ কৰাৰ পাছতেই প্ৰেমচান্দে তেওঁৰ ৱালেট আৰু মোবাইল হেৰুৱাৰ কথা দোহাই দি পত্নীৰ সৈতে পুনৰ কাজিয়াত লিপ্ত হয় । পত্নীয়ে স্বামীৰ হেৰুৱা সামগ্ৰীৰ কথা জ্ঞাত নোহোৱা বুলি উল্লেখ কৰাৰ পাছতেই দুয়োৰে মাজত পুনৰ সৃষ্টি হয় কাজিয়াৰ । ফলত দ্ৰুতগতিত শাৰীৰিক কাজিয়ালৈ পৰিণত হয় আৰু দুয়োজনে ইজনে সিজনক আক্ৰমণ কৰে ।

অৱশেষত প্ৰেমচান্দে জে’ললৈ নহয় ঘৰ এৰি পাটনস্থিত মাতৃগৃহলৈহে গুচি যায় । লগতে এইবাৰ তেওঁ আৰক্ষী থানাত দাখিল কৰি গ’ল পত্নী চনু আৰু তেওঁলোকৰ পুত্ৰই শাৰীৰিক ভাবে অপদস্থ কৰাৰ গোচৰ।

লগতে পঢ়ক : Seema Haider News : সীমা হাইদৰৰ সন্দৰ্ভত পাক সন্ত্ৰাসবাদীৰ ভাবুকি, “সীমাক ভাৰতলৈ ঘূৰাই দিয়ক, অন্যথা হিন্দু মহিলাক…”