Local, Vocal, Global

Explosive device attack in Mexico: মেক্সিকোত উচ্চ প্ৰাবল্যৰ বিস্ফোৰকৰ আক্ৰমণত নিহত ৩ জন , ১০ জন আহত

ইণ্টাৰনেশ্যনেল ডেস্ক , ১২ জুলাই : পশ্চিম মেক্সিকোৰ জালিস্কো ৰাজ্যত মঙলবাৰে উচ্চ প্ৰাবল্যৰ বিস্ফোৰকেৰে কৰা আক্ৰমণত কমেও তিনিজন আৰক্ষী বিষয়া নিহত হোৱাৰ লগতে আন ১০ জন লোক আহত হৈছে (Attack with explosive devices in western Mexican state of Jalisco) ।

নিজৰ টুইটাৰ হেণ্ডেলত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া আলফাৰোৱে কয় যে, “আজি নিশা FiscaliaJal আৰু Tlajomulco আৰক্ষীৰ জোৱানসকলক বহু উচ্চ প্ৰাবল্যৰ বিস্ফোৰকেৰে আক্ৰমণ চলাই অতি কাপুৰুষালিৰে আক্ৰমণ চলাই (@FiscaliaJal and Tlajomulco Police suffered a cowardly attack), যাৰ ফলত পৌৰ আৰক্ষী আৰু প্ৰচিকিউটৰ কাৰ্যালয়ৰ তিনিজন সহকৰ্মীৰ মৃত্যু হোৱাৰ লগতে এই আক্ৰমণত ১০ জন লোক আহত হয় ।”

তেওঁ লগতে কয়,” সংগঠিত অপৰাধ গোটসমূহে সংঘটিত কৰা দুষ্কাৰ্যৰ ই এক অভূতপূৰ্ব ঘটনা। এই আক্ৰমণে সামগ্ৰিকভাৱে মেক্সিকান ৰাষ্ট্ৰখনৰ বিৰুদ্ধেও এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । জালিস্কো নিৰাপত্তা মন্ত্ৰীসভাৰ স্থায়ী অধিবেশন। এই লৈ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে ।’

ইফালে, সোমবাৰে মেক্সিকোৰ কেন্দ্ৰীয় চহৰ টলুকাৰ এখন বজাৰত মুখা পিন্ধি দুষ্কৃতিকাৰীৰ এটা দলে ভয়াৱহ আক্ৰমণ চলাইছিল (Central Mexican city of Toluca) । দুষ্কৃতিকাৰীৰ দলটোৱে ব্যৱসায়ীক অঞ্চলটোৰ বিভিন্ন স্থানত অগ্নিসংযোগ কৰাৰ লগতে গুলিচালনা কৰি বহুকেইজন লোকক হত্যা কৰা বুলিও স্থানীয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰিছিল ।

মেক্সিকোৰ এগৰাকী চৰকাৰী অধিবক্তা(State of Mexicos prosecutor)ৰ দ্বাৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছিল যে, “এই আক্ৰমণত নজন লোকে প্ৰাণ হেৰুৱাইছিল, তেওঁলোকৰ ভিতৰত আঠজনে ঘটনাস্থলীতে প্ৰাণ হেৰুওৱাৰ লগতে এজনৰ চিকিৎসালয়ত মৃত্যু হৈছিল।”

তাৎক্ষণিকভাৱে এই আক্ৰমণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাছিল । সেয়েহে স্থানীয় প্ৰশাসনেও সন্দেহজনক কোনো সন্ত্ৰাসবাদী গোটৰ নাম উল্লেখ কৰা নাছিল ।

বিবৃতিটোত লগতে কোৱা হৈছে যে এই আক্ৰমণ কোনো ব্যৱসায়িক সংঘাতৰ সৈতে জড়িতও হ’ব পাৰে । ইফালে টলুকাৰ মেয়ৰ ৰেমুণ্ডো মাৰ্টিনেজে(Toluca Mayor Raymundo Martinez) স্থানীয় Milenio নামৰ কাকতক জনোৱা অনুসৰি, সম্ভৱতঃ ব্যৱসায়ীক চৌহদটোৰ কোনো বিক্ৰেতা আৰু মালিকৰ মাজত হোৱা বিবাদৰ ফলতে এই অগ্নিকাণ্ড আৰু গুলিচালনাৰ ঘটনাটো সংঘটিত হ’বলৈ পাইছিল ।

সোমবাৰে সংঘটিত হোৱা এই আক্ৰমণটো টলুকাত হোৱা ৰক্তপাতৰ এক শেহতীয়া দৃষ্টান্ত, য’ত যোৱা সপ্তাহত দুটাকৈ হেক কৰা মৃতদেহ উদ্ধাৰ কৰা হৈছিল বুলি আল জাজিৰাই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Another Shraddha like murder in Delhi: দিল্লীৰ গীতা কলনীত টুকুৰা টুকুৰ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ