Gufi Paintal Passes Away : শেষ নিশ্বাস ত্যাগ কৰিলে ‘মহাভাৰত’ৰ ‘শকুনি মামা’ গুফী পেইন্টাল
এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ৫ জুন : বলীউডত পুনৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলালে । চলচ্চিত্ৰ জগতখনে যেন সকলোৰে চকু কপালত তুলিছে । ইজনৰ পিছত সিজনকৈ বহু তাৰকাৰ মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে । দেওবাৰে প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী সুলোচনা লাটকাৰৰ দেহাৱসান ঘটে (Sulochana Latkar passes Away) । সোমবাৰে পুনৰ আহিল আনটো বেয়া খবৰ । আনহাতে মহাভাৰতত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰি বিখ্যাত হোৱা প্ৰবীণ অভিনেতা গুফী পেন্টালৰ মৃত্যুৰ খবৰে পুনৰ সকলোকে অশান্তিহীন কৰি পেলালে (Shakuni Mama Of Mahabharat Gufi Painta) । ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকী । মেগা ধাৰাবাহিক মহাভাৰতত ‘শকুনি মামা’ হিচাপে বিখ্যাত হৈ পৰিছিল গুফী পেন্টেল । ইয়াৰ উপৰিও বহু জনপ্ৰিয় ছবিত তেওঁৰ কমেডী অভিনয়ে আন এক মাত্ৰা সংযোজন কৰিছিল ।
জানিব পৰা মতে অভিনেতা গৰাকী স্বাস্থ্যজনিত সমস্যাত কেইবাদিনো ধৰি অসুস্থ হৈ মুম্বাই আন্ধেৰীৰ এখন চিকিৎসালয়ত চিকিৎসাধিন হৈ আছিল । দুদিনৰ পৰা তেওঁৰ স্বাস্থ্যৰ বহু উন্নতি হৈছিল আৰু এনে পৰিস্থিতিত তেওঁৰ পৰিয়ালৰ লোকসকল আশাবাদী হৈ পৰিছিল যে তেওঁ সুস্থ হৈ ঘৰলৈ যাব । অৱশেষত তেওঁ জীৱন যুদ্ধত পৰাস্ত হ’ল ।
গুফী পেন্টেলৰ মৃত্যুৰ বাতৰি তেওঁৰ পুত্ৰ হেৰী পেইণ্টালে নিশ্চিত কৰিছিল, হেৰী পেণ্টলে এটা টোকা শ্বেয়াৰ কৰিছিল, “গভীৰ শোকৰ সৈতে আমি আমাৰ দেউতাক শ্ৰীযুত গুফি পেইণ্টাল (শকুনি মামা)ৰ দুখজনক মৃত্যুৰ কথা ঘোষণা কৰিছো । আজি ৰাতিপুৱা পৰিয়ালৰ দ্বাৰা পৰিবেষ্টিত হৈ তেওঁ শান্তিপূৰ্ণভাৱে মৃত্যুবৰণ কৰে।”
গুফী পেইন্টালে নিজৰ কেৰিয়াৰত বহু টিভি ধাৰাবাহিক আৰু ছবিত কাম কৰিছিল। ১৯৭৫ চনৰ ‘ৰাফু চক্কৰ’ ছবিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। কিন্তু বি আৰ চোপ্ৰাৰ ধাৰাবাহিক ‘মহাভাৰত’ত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে।
উল্লেখ্য যে গুফী পেইণ্টলে অভিনয় জীৱন আৰম্ভ কৰিছিল ‘ৰাফু চক্কৰ’ ছবিৰ জৰিয়তে । কিন্তু বি আৰ চোপ্ৰাৰ ধাৰাবাহিক ‘মহাভাৰত’ত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল (BR Chopra’s TV show Mahabharat) । গুফী পেইণ্টলে ৮০ৰ দশকত বহু ছবি আৰু টিভি ধাৰাবাহিকত কাম কৰিছিল । তেওঁৰ শেষ টিভি শ্ব’ আছিল ‘জয় কানহাইয়া লাল কি’। গুফী পেইণ্টলে যি সমূহ টিভি শ্ব’ত অভিনয় কৰিছিল, সেইসমূহৰ ভিতৰত আছে ‘ভাৰত কা বীৰ পুত্ৰ – মহাৰাণা প্ৰতাপ’, ‘মিচেছ কৌশিক কি পঞ্চ বহুৱেন’, ‘কৰ্ণ সাংগিনী’ আৰু ‘কৰ্ম ফল দাতা শনি’ আদি ।
ইয়াৰ উপৰিও, তেওঁ বলীউডৰ কেইবাখনো প্ৰসিদ্ধ চলচ্চিত্ৰ যেনে ৰাফু চক্কৰ, ডেছ পাৰ্ডেছ, দিল্লাগী, ময়দান-ই-জং আৰু দাভা আদিত অভিনয় কৰিছিল ।
আজি বিয়লি প্ৰায় ৪ বজাত ওশিৱাৰা শ্মশানত অভিনেতাগৰাকীৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হ’ব।
লগতে পঢ়ক : Sulochana Latkar passes away : সুলোচনা লটকৰৰ দেহাৱসান