India banned 14 medicines : আপোনাৰ বাবে বিপদজ্জনক ১৪ বিধ ঔষধ
নেশ্যনেল ডেস্ক, ৫জুন’ : মানৱ শৰীৰৰ বাবে বিপদজ্জনক ১৪ বিধ ঔষধ নিষিদ্ধ।ৰোগীৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হোৱাৰ পিছত ১৪টা ফিক্স ড’জ কম্বিনেশ্যন তথা ‘ককটেল ঔষধ’ নিষিদ্ধ কৰিলে কেন্দ্ৰ স্বাস্থ্য মন্ত্ৰালয়ে । কেন্দ্ৰীয় চৰকাৰে মানুহৰ বাবে বিপদৰ আশংকা থকাৰ বাবে এইসমূহ ঔষধ নিষিদ্ধ কৰা বুলি জাননীত জনাইছে (India banned 14 medicines)।
ককটেল ঔষধে সাধাৰণতে এটা ঔষধৰ মাজত বহুতো ঔষধৰ সংমিশ্ৰণক বুজায়। বিশেষজ্ঞ সমিতিয়ে পৰীক্ষা কৰি দেখিছে যে এই ঔষধ ৰোগীৰ বাবে বিপদজনক। সেই প্ৰতিবেদন অহাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে এই ঔষধ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।
কাহ-জ্বৰ আদিৰ উপশমত ব্যৱহাৰ হোৱা নিমোচুলাইড,পেৰাচিটামলৰ দৰে বিচ্ছুৰণযোগ্য টেবলেট(Nimesulide Paracetamol dispersible tablets) আৰু ক্ল’ফিনিৰামাইন মালেড,ক’ডিন ছিৰাপকে ধৰি কেইবাবিধো ঔষধ মানৱ শৰীৰক ক্ষতি কৰাৰ সম্ভাৱনা দেখা দিয়া হেতুকে স্বাস্থ্য মন্ত্ৰালয়ে ১৪ বিধ ঔষধ নিষিদ্ধ কৰিছে।এনে ঔষধবোৰৰ ভিতৰত আছে…নিমেছুলাইড-পেৰাচিটামল টেবলেট(Nimesulide Paracetamol dispersible tablets), ক্ল’ফেনিৰামিন মালিয়েট-কডেইন চিৰাপChlopheniramine Maleate Codeine Syrup),ফ’লকডিন, প্রমেথাজিন(Pholcodine Promethazine),এমক্সিলিন, ব্ৰ’মহেক্সিন আৰু ব্ৰ’মহেক্সিন ডেক্সট্ৰ’মেথ’ৰফান( Amoxicillin Bromhexine and Bromhexine Dextromethorphan Ammonium Chloride Menthol),এমনিয়াম ক্লাইড, মেন্থল, ব্ৰ ‘মহেক্সিন আৰু ফিনাইলেক্ট্ৰিনৰ সৈতে পেৰাচিটামল, ক্ল’ৰফেনিৰামিন, গুৱাইফেনেছিন আৰু ছেলবুটামল ব্ৰ’মহেক্সিন( Paracetamol Bromhexine Phenylephrine Chlorpheniramine Guaiphenesin and Salbutamol Bromhexine)।
স্বাস্থ্য মন্ত্ৰালয় এক বিশেষ কমিটীয়ে বিষয়টো পৰীক্ষা কৰাৰ অন্তত ১৯৪০ চনৰ ঔষধ আৰু প্ৰসাধন আইনৰ ধাৰা-২৬ এৰ অধীনত এই ঔষধ উপাদন,বিক্ৰী আৰু বিতৰণ নিষিদ্ধ কৰাৰ পৰামৰ্শ দিছে। স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্দেশটোত ইয়াকে স্পষ্ট কৰিছে যে, এই দৰববোৰ ব্যৱহাৰৰ ক্ষেত্ৰত যাতে চিকিৎসকসকল সাৱধান হয় আৰু কোনো ৰোগীকে এনে ঔষধ ব্যৱহাৰৰ পৰামৰ্শ নিদিয়ে(India banned 14 medicines)>
উল্লেখ্য যে, বিগত ২০১৬ চনত এই বিশেষজ্ঞ সমিতিৰ অনুমোদন মতে চৰকাৰে ৩৪৪ বিধ দৰৱ বিক্ৰী আৰু তৈয়াৰ নিষদ্ধ কৰিছিল।বৰ্তমান নিষিদ্ধ কৰা হল ১৪ বিধ ঔষধ।
লগতে পঢ়ক : পাব ৰবি শৰ্মা অভিনীত চলচ্চিত্ৰ ‘ শ্ৰী ৰঘুপতি’