Local, Vocal, Global

এজন আৰক্ষী বিষয়াই প্ৰমাণ কৰিলে মানুহ মানুহৰ বাবে

এজন আৰক্ষী বিষয়াই প্ৰমাণ কৰিলে মানুহ মানুহৰ বাবে । পিপিই কিট পৰিধান কৰি এজন অসুস্থক ভৰ্তি কৰিলে চিকিৎসালয়ত।মানুহ মানুহৰ বাবে,চিৰাঙত  প্ৰমাণ কৰিলে এজন আৰক্ষীৰ লোকে । চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে জনায় যে,ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱৰ এজন লোক অসুস্থ ।অসুস্থ  লোক জনৰ নাম ছাদ্দাম হুচেই।১০৮ত ফোন কৰাৰ পিছতো ১০৮ নহাত লোকজনে ফোনযোগে আৰক্ষীৰ সহায় বিচাৰে ।ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেঞ্জিত দাস তৎক্ষণাৎ লোকজনক সহায় কৰিবৰ বাবে নিশা ১০.৫৫ বজাত ছাতিপুৰত  উপস্থিত হয়, ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেঞ্জিতে নিজে পিপিই কিট পিন্ধি ১০৮ৰ লোকজনৰ স’তে অসুস্থ ছাদ্দামক উদ্ধাৰ কৰি কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।উদ্ধাৰৰ সময়ত লোকজনৰ  অক্সিজেন লেভেল মাথো ৫০ আছিল।এজন আৰক্ষী বিষয়াই পিপিই কিট পিন্ধি বিপদগ্ৰস্ত এজন লোকক সহায় কৰাত সকলো বাকৰুদ্ধ হৈ পৰে । আৰক্ষীৰ লোকৰো যে হৃদয় আছে, তেওঁলোকো যে মানুহ, তেওঁলোকেও আপোনাৰ মোৰ দৰে সহায় কৰিব পাৰে সেয়াই প্ৰমাণিত হল ।