Local, Vocal, Global

লাংকাছি আৰক্ষী চকীৰ বৃহৎ সাফল্য

নিউজ ডেস্ক, ৩০ জুলাই : ৰাজ্যত অব্যাহত আছে খাৰুৱা তেলৰ চোৰাং বেহা। ভিন্ন সময়ত ভিন্ন ঠাইৰ পৰা আৰক্ষীৰ অভিযানত জব্দ হয় চোৰাং খাৰুৱা তেল ভৰ্ত্তি টেংকাৰ।

শনিবাৰে পুৱতি নিশা তিনিচুকীয়া জিলাৰ মাকুম ৰবৰবাৰীত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (Oil India Limited) খাৰুৱা তেল পৰিবাহী টেংকাৰৰ পৰা পাইপ সংযোগ কৰি চুৰি কাৰ্য চলাই থাকোতে লাংকাছি আৰক্ষী চকীৰ দল উপস্থিত হৈ জব্দ কৰে টেংকাৰ খন।

টেংকাৰ খনৰ পঞ্জীয়ন নম্বৰ AS-01-BC5425 ।

উল্লেখ্য যে, এই চুৰি কাৰ্য সংঘটিত কৰা কোনো লোক আটক হোৱা নাই যদিও লাংকাছি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

জিলা খনত ইখনৰ পিছত সিখন চোৰাং খাৰুৱা তেল টেংকাৰ জব্দকলৈ বিয়াগোম অইল ইণ্ডিয়া নিৰাপত্তা বাহিনীলৈ বিভিন্ন ধৰণৰ সন্দেহৰ প্ৰশ্ন উত্থাপিত হোৱাৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বাহিনীৰ ফুপুলা স্বৰূপৰ উদাহৰণ হৈ পৰিছে।