Local, Vocal, Global

মানৱ সমাজক লজ্জিত কৰা ঘটনা

নিউজ ডেস্ক, ৩০ জুলাই : ৰাজ্য়ত দিনক দিনে বৃদ্ধি পাই আহিছে শিশু নিৰ্যাতনৰ ঘটনা। ঘৰত কাম কৰিবলৈ অনা এগৰাকী নাবালিকা ছোৱালীক শাৰীৰিক ভাৱে নিৰ্যাতন কৰাৰ অভিযোগত শুকুৰবাৰে অসমৰ গোলাঘাট জিলাৰ এহাল বিবাহিত দম্পতীক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, দম্পতীহালক ডিব্ৰুগড় জিলাৰ মৰাণৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা দম্পতীক নিৰুপম দাস আৰু পিংকী শইকিয়া বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ বাতৰি অনুসৰি, জুনালী মুদা বুলি চিনাক্ত কৰা ভুক্তভোগীজনে ২৮ জুলাই (বৃহস্পতিবাৰে) মৰাণহাট আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। তাই যোৱা এবছৰৰ পৰা অভিযুক্তদুজনৰ ঘৰত ঘৰুৱা সেৱক হিচাপে কাম কৰি আছিল। খবৰ অনুসৰি, ভুক্তভোগীগৰাকীয়ে দাবী কৰিছিল যে যোৱা চাৰি মাহৰ পৰা তেওঁ বহুতো অত্যাচাৰৰ সন্মুখীন হৈ আছে।

ইফালে, গোপন তথ্যৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে শুকুৰবাৰে নিশা চন্দন নগৰত তালাচী অভিযান আৰম্ভ কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছত দুয়োজনক গ্ৰেপ্তাৰ কৰে।

অৱশ্যে, পিংকী শইকিয়াই সকলো অভিযোগ অস্বীকাৰ কৰিছে আৰু ঘটনাটোক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

নিৰুপম দাস Sonari Tea Boardৰ এজন বিষয়া আৰু পিংকী শইকিয়া Demow Sericulture বিভাগৰ এজন কৰ্মচাৰী।

সম্প্ৰতি, দুয়োজনকে পৰৱৰ্তী অনুসন্ধানৰ বাবে মৰাণহাট আৰক্ষীক গতাই দিয়া হৈছে।