Local, Vocal, Global

মহানগৰীত সন্ধানহীন অৰুণাচল প্ৰদেশৰ ব্যক্তি

নিউজ ডেস্ক, ৩০ জুলাই : ৰাজ্যত সন্ধানহীন হৈছে বহিঃ ৰাজ্যৰ ব্যক্তি। শুকুৰবাৰে গুৱাহাটীত সন্ধানহীন হৈছে অৰুণাচল প্ৰদেশৰ এজন লোক ।

সন্ধানহীন ব্যক্তিজনক অৰুণাচলৰ সাংসদ Tapir Gaoৰ সম্পৰ্কীয় ভাই Tahong Gao (৫৪) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ খবৰ অনুসৰি, গুৱাহাটীত থকা তাহং গাও শুক্ৰবাৰে আবেলি এজন বন্ধুক লগ কৰিবলৈ তেওঁৰ ভতিজাৰ সৈতে গণেশগুৰিলৈ গৈছিল। পৰৱৰ্তী সময়ত তেওঁ এখন Uber cabত উঠিছিল, আৰু তাৰ পিছৰে পৰা তেওঁৰ কোনো সন্ধান পোৱা নাছিল। তেতিয়াৰ পৰা তাহংৰ ফোনটোও বন্ধ হৈ আছে।

আৰক্ষীয়ে তাহংৰ অপহৰণৰ সম্ভাৱনা অস্বীকাৰ কৰিছে।

পৰৱৰ্তীসময়ত, তাহঙৰ পৰিয়ালৰ সদস্যসকলে দিচপুৰ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। আৰক্ষীৰ দলবোৰে সমগ্ৰ চহৰখনত অনুসন্ধান অভিযান আৰম্ভ কৰিছে।