Local, Vocal, Global

দুই ভাৰতীয় শিল্পীলৈ গ্ৰেমী এৱাৰ্ডৰ সন্মান

নিউজ ডেস্ক,৫ এপ্ৰিলঃ বিশ্ব সংগীতৰ সৰ্বোচ্চ সন্মান গ্ৰেমী বঁটা। সংগীত জগতৰ চেলিব্ৰিটীৰ উপস্থিতিত আমেৰিকাৰ লাছ ভেগাছৰ এম জি এম গ্ৰেণ্ড গাৰ্ডেনত প্ৰখ্যাত ট্ৰেভৰ নোৱাই আঁত ধৰা বৰ্ণাঢ্য কাৰ্যসূচীত ৬৪ সংখ্যক গ্ৰেমী বঁটা প্ৰদান কৰা হয়।

কৰোণা মহামাৰীৰ বাবে বিগত বৰ্ষত এই গ্ৰেমী বঁটা অনুষ্ঠান স্থগিত ৰখাৰ পাছত ২০২২ বৰ্ষত বিজয়ীসকলক এই বঁটা অৰ্পন কৰে।

বিশ্বৰ প্ৰসিদ্ধ সংগীত শিল্পীৰ মাজত গ্ৰেমী বঁটাৰে উজ্বলি উঠিল ভাৰতীয় সংগীত পৰিচালক- পৰিৱেশ কৰ্মী। পৰিৱেশ কৰ্মী ৰিকী কেজ আৰু ভাৰতীয় আমেৰিকান গায়িকা ফাল্গুনী শ্বাহলৈ গ্ৰেমী এৱাৰ্ড প্ৰদান।

‘ডিভাইন টাইডছ’ৰ বাবে শ্ৰেষ্ঠ নিউ এজ এলবামৰ গ্ৰেমী বঁটা লাভ কৰে বাংগালুৰুৰ সংগীত পৰিচালক আৰু পৰিৱেশ কৰ্মী ৰিকী কেজে।

ইফালে, শ্ৰেষ্ঠ শিশু মিউজিক এলবামৰ বঁটা লাভ কৰে ভাৰতীয় আমেৰিকান গায়িকা ফাল্গুনী শ্বাহে। ‘এ কালাৰফুল ৱৰ্ল্ড’ৰ বাবে শ্ৰেষ্ঠ শিশু মিউজিক এলবামৰ বঁটা লাভ কৰিছে।