Manmohan Singh’s Demise: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিয়োগত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

নিউজ ডেস্ক,২৭ডিচেম্বৰ : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান(Manmohan Singh’s Demise)। বৃহস্পতিবাৰে নিশা ৯:৫১ বজাত দেহাৱসান ঘটে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ। দিল্লীৰ এইমছত শেষ নিশ্বাস কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক হেৰুৱাই আজি শোকস্তব্ধ সমগ্ৰ দেশবাসী । প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে ১১ বজাত কেবিনেটৰ আহ্বান জনোৱা হৈছে । প্ৰয়াত ড৹ মনমোহন সিঙৰ অন্তিম সংস্কাৰ সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব(Govt Announces 7-Day Mourning) ।
ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ দেশৰ লগতে কংগ্ৰেছ দলতো শোকৰ ছাঁ পৰিছে । কংগ্ৰেছ দলে ঘোষণা কৰিছে যে প্ৰতিষ্ঠা দিৱস উদযাপনকে ধৰি সকলো দলৰ আনুষ্ঠানিক কাৰ্যসূচী অহা ৭ দিনৰ বাবে স্থগিত ৰখা হ’ব । কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সুৰজেৱালাই কয় যে দলটোৱে ড৹ মনমোহন সিঙৰ প্ৰতি শ্ৰদ্ধা জনাই শুকুৰবাৰে কৰ্ণাটকৰ বেলগামত দলৰ “জয় বাপু, জয় ভীম, জয় সংবিধান ৰেলী” বাতিল কৰিছে ।
ইফালে, মনমোহন সিঙৰ মৃত্যুৰ পিছত কৰ্ণাটকত ৭ দিনীয়া শোক পালনৰ ঘোষণা কৰা হৈছে । কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত কয়, “কাইলৈ ২৭ ডিচেম্বৰত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে ।” ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু ৰাজনৈতিক ক্ষেত্ৰৰ শীৰ্ষ নেতাসকলে মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।