Local, Vocal, Global

Watch | Gourov Gogoi: ‘৬ মে’ত বিদেশী খেদিম বুলি কোৱা চৰকাৰে কিমানজন বিদেশী খেদিলে’?

ৱেবডেস্ক: অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি প্ৰথমবাৰৰ কাৰণে আজি দিনযোৰা কায্যসূচীৰে তিনিচুকীয়াত উপস্থিত হয় গৌৰৱ গগৈ। এক মটৰচাইকেল সমদলেৰে তিনিচুকীয়ালৈ আদৰি অনাৰ পাছতে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কৰি আশীৰ্বাদ গ্ৰহণ কৰে ।

তাৰ পাছতে ক্ৰমে মা কালীৰ মন্দিৰ আৰু গুৰুদ্বাৰত উপস্থিত হৈ আগন্তুক দিনসমূহৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰি নাট্যমন্দিৰত এখন বৈঠকত অংশগ্ৰহণ কৰিব । সভাপতি গৌৰৱ গগৈয়ে মৰাণ, মটক জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।

লগতে শেহতীয়াকৈ দ’ল-সংগঠনৰ মিঞাবিৰোধী অভিযানৰ সন্দৰ্ভত জিলা প্ৰশাসনে যদি নিজৰ দায়িত্ব পালন কৰিব পৰা নাই তেন্তে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনাই আৰু কয় যে-‘৬ মে’ত বিদেশী খেদিম বুলি কোৱা চৰকাৰে কিমানজন বিদেশী খেদিলে’? অবৈধ বাংলাদেশী কিমান ধৰিলে তাৰ হিচাপ দিয়ক চৰকাৰে।’এনেদৰে তিনিচুকীয়াত উপস্থিত হৈ মিঞা খেদা অভিযানক লৈ সৰৱ সভাপতি গৌৰৱ গগৈ।

লগতে পঢ়ক: Watch | Duliajan news: দুলীয়াজানত বিশ্ব আদিবাসী দিৱস-২০২৫ উদযাপন