Watch | Goreswar news: BTRৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান সভা
গোৰেশ্বৰ : ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মাৰ উপস্থিতিত BTRৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান সভা। দেউচুঙা মিলন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ।সভাত অঞ্চলটোৰ তিনি শতাধিক ব্যক্তিয়ে বিভিন্ন দলৰ পৰা যোগদান কৰে বিজেপি দলত ।যোগদান কাৰ্যসূচীত উপস্থিত থাকে BTRৰ EM ৰনেন্দ্ৰ নাৰ্জাৰী,BJP অসম প্ৰদেশৰ সম্পাদক লক্ষ্মী নাথ তাছা , গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙৰ লগতে কেইবাগৰাকী নেতা ।BTRত ধাৰাবাহিক যোগদান কাৰ্যসূচী সমূহৰ ফলত BJPৰ শক্তি আৰু অধিক বৃদ্ধি হোৱা বুলি উল্লেখ কৰে ৰাতুল শৰ্মাই । ইপিনে শুক্লাই চেৰফাঙত এইবাৰ বিজেপি দলে পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে EM ৰনেন্দ্ৰ নাৰ্জাৰীয়ে ।
Watch | Nagaon news: অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নগাঁৱৰ জ্যোতিস্মান মহন্তই