Local, Vocal, Global

এজাক বৰষুণতে বুৰ গ’ল গোৰেশ্বৰ চহৰ

নিউজ ডেস্ক: চাৰিতৰপীয়া শাসন ব্যৱস্থা৷ কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ, বিটিচি প্ৰশাসন আৰু পৌৰনিগম৷ তাৰ পাছতো উন্নয়নে ঢুকি নাপালে গোৰেশ্বৰ টাউনক৷ বাট-পথ, নলা-নৰ্দমা নিৰ্মাণ নকৰাৰ ফলত এজাক বৰষুনতে বুৰ যায় গোৰেশ্বৰত চহৰৰ মূল পথ। তামুলপুৰ জিলাৰ এক মাত্ৰ পৌৰসভা গোৰেশ্বৰ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় নাগৰিক। একাঠু পানীৰ বাবে দিনৰ ১২ বজালৈ ব্যৱসায় প্ৰতিষ্ঠানত গ্ৰাহক নহাত ক্ষোভ উজাৰিছে ব্যৱসায় প্ৰতিষ্ঠানৰ স্বতাধিকাৰীসকলে। আজি পুৱা অহা এজাক কিণকিণিয়া বৰষুনৰ ফলত গোৰেশ্বৰ চহৰৰ মূল পথ তথা ৰেইনবো ইংলিছ স্কুল সংযোগী পথ সম্পূৰ্ণৰূপে পানীত বুৰ যায়৷ ফলত বিদ্যালয়লৈ আহ-যাহ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰৰ লাগে। আনহাতে একাংশ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখ ভাগ সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ যোৱাত ব্যৱসায় প্ৰতিষ্ঠানৰ স্বতাধিকাৰীসকলে পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ একাংশ ব্যৱসায় প্ৰতিষ্ঠানৰ স্বতাধিকাৰীয়ে কয় যে পৌৰসভাই আমাৰ পৰা টেক্স লৈ থাকে। আজি দূবছৰ হ’ল। কোনো এটা কাম কৰা নাই। এতিয়ালৈ মাত্ৰ ৭০ টকা বিক্ৰী কৰিছো। অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে। উল্লেখ্য যে তিনি বছৰ পূৰ্বে গোৰেশ্বৰ পৌৰসভাই কোনো পৰিকল্পনা নোহোৱাকৈ চহৰৰ দুয়ো কাষে নলা খন্দাৰ ব্যৱস্থা কৰিছিল৷ কিন্তু নলাৰ কাম সম্পূৰ্ণ হৈ নুঠাত এতিয়া জীয়াতু ভূগিব লগা হৈছে সমগ্ৰ গোৰেশ্বৰবাসী। শীঘ্ৰে গোৰেশ্বৰ পৌৰসভাক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে গোৰেশ্বৰবাসীয়ে।