Local, Vocal, Global

নগৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা তৃণমূল কংগ্ৰেছৰ

নিউজ ডেস্ক: তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে আজি এই ঘোষণা কৰে৷ তৃণমূল কংগ্ৰেছে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ সুস্মিতা দেৱে মন্তব্য কৰি কয় যে দলটোৱে নিৰ্বাচনৰ সময়ত পুৰণি আৰু নতুন মুখৰ মিশ্ৰণ ঘটাব।
শিলচৰ কাছাৰ ক্লাবত এক কাৰ্যসূচীত অংশ লৈ তৃণমূল নেত্ৰী সুস্মিতা দেৱে যেতিয়াই নিৰ্বাচন তেতিয়াই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তৃণমূল কংগ্ৰেছে৷

অসম চৰকাৰে শেহতীয়াকৈ শিলচৰ পৌৰ নিগমৰ খচৰাৰ এখন গেজেট অধিসূচনা জাৰি কৰিছে। চৰকাৰে ২২ অক্টোবৰলৈকে যিকোনো আপত্তি গ্ৰহণ কৰিব৷ তাৰ পাছত চূড়ান্ত অধিসূচনা জাৰী কৰি নিৰ্বাচন অনুষ্ঠিত কৰিব৷

সুস্মিতা দেৱে আৰু কয় যে শিলচৰ পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ সীমাৰ ওপৰত কোনো আপত্তি নাই৷ কিন্তু কাৰ্যকৰী প্ৰশাসনৰ বাবে প্ৰতি ৱাৰ্ডত ৫-৭ হাজাৰতকৈ অধিক জনসংখ্যা থাকিব নালাগে।তেওঁ এইটোও কৈছিল যে শিলচৰক নিগমলৈ উন্নীত কৰাটো এটা সুন্দৰ পদক্ষেপ৷ কিন্তু সাধাৰণ লোকসকলৰ পৌৰ কৰ বৃদ্ধি হ’ব।