কিয় বহু মানুুহে হাতত ল’লে বৰশী
নিউজ ডেস্ক: হাতে হাতে বৰশী৷ কাৰোবৰ হাতত সৰু বৰশী, কাৰোবৰ খুঁটি নাইবা বৰ বৰশী। পুঠি, গৰৈ, কাৱৈৰ পৰা বৰালি, শ’ললৈ আৰম্ভ। হয়, বৰশীত মাছ ধৰা প্ৰতিযোগিতা৷ বঙাইগাঁও জিলা দিৱস উপলক্ষে প্ৰশাসনে বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে৷ অভয়াপুৰীৰ পৰ্যটনস্থলী কয়া কুঁজীয়া বিলত অনুষ্ঠিত বৰশীৰে মাছ ধৰা প্ৰতিযোগিতাত ডেকা, গাভৰু, আদহীয়াই অংশ লয়৷ বৰশীৰে মাছ ধৰা প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলক ১ ঘন্টা সময় নিৰ্ধাৰণ কৰি দিয়া হয়। বিজয়ী প্ৰতিযোগীসকলক ১০ হাজাৰ, ৭ হাজাৰ আৰু ৩ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব বুলি জানিবলৈ দিয়ে উত্তৰ শালমাৰা প্ৰশাসনে। কয়া কুঁজীয়াত আয়োজন কৰা প্ৰতিযোগিতাত ৩০০ তকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷