Local, Vocal, Global

২০ বছৰীয়া যুৱকে ধৰ্ষণ কৰিলে ১৩ বছৰীয়া নাবালিকাক

গোৰেশ্বৰৰ নাওকাটাৰ কলবাৰীত নিৰ্লজ্য ধৰ্ষণকাণ্ড পুনৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ নাবালিকা কামনাৰ বলি হ’ল এজন লম্পটৰ।গোৰেশ্বৰৰ নাওকাটাৰ কলবাৰীত এগৰাকী ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণ। নাওকাটাৰ কলবাৰীৰ বিশ্ব নাথ (২০) নামৰ এজন লম্পটে ধৰ্ষণৰ নিচিনা নিৰ্লজ্যকাণ্ড চলাইছিল এগৰাকী ১৩ বছৰীয়া কিশোৰীক ৷ শুৱাগপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওকাটাৰ কলবাৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷

এগৰাকী নাবালিকাক নিৰ্লজ্য কাণ্ডৰ অভিযোগত বিশ্ব নাথ(২০)ৰ বিৰুদ্ধে শুৱাগপুৰ থানাত এজেহাৰ দাখিল পৰিয়ালৰ লোকৰ ৷ কলবাৰী গাৱৰে এগৰাকী নাবালিকাক ধৰ্ষণকাণ্ড কৰাৰ  অভিযোগত শুৱাগপুৰ  আৰক্ষীয়ে আটক কৰে বিশ্ব নাথক।জানিব পৰা মতে বুধবাৰে সন্ধিয়া লম্পটজনে নাবালিকাগৰাকী দোকানত যোৱাৰ সুযোগ লৈ মুখত খোপা মাৰি ধৰি দাঙি লৈ জংঘলৰ মাজত ধৰ্ষণৰ নিচিনা নিৰ্লজ্য কাণ্ড সংঘটিত কৰে৷

পিছত পৰিয়ালৰ লোকৰ এজেহাৰৰ ভিওিত শুৱাগপুৰ আৰক্ষীয়ে লম্পটজনক আটক কৰে ৷ শুৱাগপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ আইনৰ অধীনত ১২৫/২১ নম্বৰত গোচৰ ৰুজু কৰে