অসমত পোন প্ৰথমবাৰৰ বাবে ধৰ্ষণকাৰীৰ ওপৰত গুলীচালনা

অসমত পোন প্ৰথমবাৰৰ বাবে ধৰ্ষণকাৰীৰ ওপৰত গুলীচালনা । ৰাজ্য কপোৱা ভূৰাগাওঁৰ নাৱালিকা হত্যাকাণ্ডৰ হত্যা আৰু ধৰ্ষণকাৰী চৈয়দ আলী মুঞি ওৰফে পাঠাৰ ওপৰত মৰিগাঁও আৰক্ষীৰ গুলীচালনা।
উল্লেখ্য যে ২০ জুন তাৰিখে ভূৰাগাওঁ বালিদোংগাত এগৰাকী ৯ বছৰীয়া নাৱালিকাক মৰাপাটৰ খেতিৰ মাজত নিশংস ভাবে হত্যা কৰিছিল আৰু তাৰ ৫ দিন পিছতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক লগত লৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘটনাস্থলিত চৰজমিন তদন্ত কৰি মৰিগাঁও আৰক্ষীক হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ ২৪ ঘন্টাৰ পিছতে অৰ্থাৎ 27 জুন তাৰিখে ঘটনাৰ মূল অভিযুক্ত চৈয়দ আলী ওৰফে পাঠা (৬৫ বছৰ) ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
মৰিগাঁও আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে বৃহস্পতিবাৰে চৈয়দ আলীয়ে নিজৰ সকলো কুকৰ্মৰ কথা স্বীকাৰ কৰাৰ কিছু সময় পিছতে পুৱতি নিশা জাগীৰোড আৰক্ষী থানাৰ পৰা ঘটনা সংঘটিত হোৱা ভূৰাগাওঁ বালিদোংগালৈ নি থকা অৱস্থাত মাজ ৰাস্তা গছগুৰিত শৌচ কৰিব যোৱাৰ চলেৰে পেলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে তিনি জাই কৈ গুলী ফুটাই চৈয়দ আলীক আঘাত প্ৰাপ্ত কৰি পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ভৰিত আঘাত প্ৰাপ্ত হত্যাকাৰী চৈয়দ আলীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।