Local, Vocal, Global

কৰিমগঞ্জৰ চূড়াইবড়ীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ !

ডিজিটেল ডেস্ক:- ৰাজ্যত অব্য়াহত আছে নিচা জাতীয় দ্ৰব্যৰ চোৰাং বেহা। ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ চোৰাং বেহা।এইবাৰ কৰিমগঞ্জৰ চূড়াইবড়ীত ১২শ কুইন্টল গাঞ্জা জব্দ। উদ্ধাৰ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি ২৭ লাখ ৫০ হাজাৰ টকা বুলি জানিব পৰা গৈছে।আগৰতলাৰ পৰা এখন ট্ৰাকত আনিছিল গাঞ্জাখনি।
আগৰতলাৰ পৰা বিহাৰৰ মুজাফৰপুৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গাঞ্জাখিনি। গাড়ীচালক অমৰেশ ৰায়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।